খানাপাৰাত আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে পশুধন আৰু হাঁহ-কুকুৰা মেলা

Pic

গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে পশুধন আৰু হাঁহ কুকুৰা মেলা।পশুপালন আৰু পশু চিকিৎসা বিভাগ,অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত অনুষ্ঠিত হোৱা মেলাখন আনুষ্ঠানিকভাৱে মুকলি কৰে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী। উল্লেখ যে ২০ বছৰৰ মূৰত অনুষ্ঠিত কৰা হৈছে মেলাখন।কৃষিৰ লগত জড়িত থকা প্ৰতিগৰাকী ব্যক্তিক উৎসাহিত কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা হৈছে মেলাখনৰ।

Pic

গুৰুত্বপূৰ্ণ যে ২০১৯ বর্ষত ৰাষ্ট্ৰীয় ভিত্তিত পশুপালন আৰু পশু চিকিৎসা বিভাগে অনুষ্ঠিত কৰিছিল পশুধন আৰু হাঁহ কুকুৰা মেলাৰ।আজি মেলা উদ্বোধন কৰি মন্ত্ৰী বৰাই কয়-"পূৰ্বৰ বছৰত মেলাৰ আয়োজন কৰি আমি উপকৃত হৈছোঁ।এইবাৰ যথেষ্ট খেতিয়কে অংশগ্ৰহণ কৰিছে'।" অসমৰ অৰ্থনীতিত কৃষি আৰু কৃষকৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে অনুষ্ঠানত উপস্থিত থকা আমন্ত্ৰিত অতিথি ঋষিকেশ গোস্বামীয়ে।কৃষি খণ্ডক অধিক গুৰুত্ব প্ৰদান কৰি কৃষকসকলৰ স্বাৰ্থত চৰকাৰে গ্ৰহণ কৰা বিশেষ পদক্ষেপ সন্দৰ্ভতো অনুষ্ঠানত উল্লেখ কৰে গোস্বামীয়ে।

বুধবাৰলৈকে অনুষ্ঠিত হ'ব লগা মেলাখনৰ উদ্বোধনী অনুষ্ঠানত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে।

Your Comments