উত্তৰ অসম তথা অৰুণাচল প্ৰদেশৰ সৈতে মাজুলীক পোনপটীয়া পথ যোগাযোগ ব্যৱস্থাৰে সংযোজিত কৰিবলৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে । অসম চৰকাৰৰ ৫০০০ কোটি টকীয়া ‘অসম মালা’ কাৰ্যসূচীৰ এক অন্যতম গুৰুত্বপূৰ্ণ উপাদান ৰূপে লখিমপুৰ জিলাৰ বিহপুৰীয়াৰে মাজুলীক সংযোগ কৰাকৈ সোৱণশিৰিৰ ধূনাগুৰি ঘাটত নিৰ্মাণ কৰা হ’ব ১.৪ কিলোমিটাৰ দৈৰ্ঘৰ এখন বৃহৎ পকী দলং।
এই মাহৰে ৭ তাৰিখে ঢেকিয়াজুলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসম চৰকাৰৰ পথ-যোগাযোগ আন্তঃগাঠনি উন্নয়নমূলক কাৰ্যসূচী ‘অসম মালা’ৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব ৷ এই কাৰ্যসূচীৰ পিছতেই ৰাজ্যৰ লোকনিৰ্মাণ(পথ) বিভাগে মাজুলী-বিহপুৰীয়া সংযোগী এই দলংখনৰ নিৰ্মাণ কাৰ্য চলিত মাহৰ পৰাই আৰম্ভ কৰিবলৈ প্ৰস্তুতি চলাইছে। অহা তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি কথা দিয়া এই দলং নিৰ্মাণৰ বাবে ইতিমধ্যে লোকনিৰ্মাণ (পথ) বিভাগে প্ৰকল্প প্ৰতিবেদন (ডিপিআৰ) প্ৰস্তুত কৰিছে ।
উল্লেখযোগ্য যে সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ হ’ব লগা এই দলংখনৰ উপৰি নামনি মাজুলীৰ কানিয়াজানতো এখন ৪০০ মিটাৰ দৈৰ্ঘৰ পকী দলং নিৰ্মাণ কৰাৰ লগতে বালিচাপৰিৰ পৰা মালাপিন্ধা-কানিয়াজান-১নং আউনিবাৰী হৈ লখিমপুৰ জিলাৰ ধূনাগুৰিলৈ গড়কাপ্টানী পথছোৱা আহল-বহলকৈ নিৰ্মাণ কৰি ইয়াক ৰাজ্যিক ঘাইপথ ৰূপে উন্নিত কৰা হ’ব। ‘বালিচাপৰিৰ পৰা ধূনাগুৰি সংযোগী পথ উন্নিতকৰণ আঁচনি’ শীৰ্ষক এই প্ৰকল্পৰ বাবে ডিপিআৰত মুঠ ৭৭০ কোটি টকাৰ ব্যয় নিৰ্ধাৰণ কৰা হৈছে।
- Log in to post comments
- 11 views