"তিনিহাজাৰ টকা দি আদিবাসীৰ ভোট কিনিছে বিজেপিয়ে,কিন্তু আমি বৰ্জন কৰিম দলটোক"-সদৌ অসম আদিবাসী ছাত্ৰ সন্থা

Pic

'জনজাতিৰ মৰ্যাদা প্ৰদান নকৰা বিজেপিক অহা নিৰ্বাচনত ভোট নিদিওঁ।আদিবাসীসকলক ভোট নিদিবলৈ আমি আহ্বান জনাম'- চচলত ধৰ্ণা সাব্যস্ত কৰি হুংকাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই।

আদিবাসীক জনজাতিকৰণ দাবী জনাই গুৱাহাটীৰ চচলত বৃহস্পতিবাৰে ধৰ্ণা দি সংগঠনটোৰ সভাপতি প্ৰদীপ নাগে কয়-"তিনি হাজাৰ টকাৰে আদিবাসীসকলৰ পৰা বিজেপিয়ে ভোট কিনিছে।ভোট কিনা ব্যৱসায় কৰিছে।"

"চাহ বাগিচাৰ দৈনিক মজুৰি ৩৫০ টকা দাবী কৰি অহাৰ পিছতো দিব নোৱাৰিলে।তিনি হাজাৰ দি অসমত বৃহৎ উন্নয়ন হোৱা বুলি বিজেপিয়ে ক'ব বিচাৰে নেকি!কোনো উন্নয়ন হোৱা নাই।তিনি হাজাৰ টকাত মোডীয়ে জীয়াই থাকিব পাৰিব নেকি!যদি সাংবিধানিক অধিকাৰ নোপোৱাকৈ তেওঁলোক জীয়াই থাকিব পাৰে আমি দিম তিনিহাজাৰ টকাকৈ"-নাগে কয়।

ইফালে,অন্য জনগোষ্ঠীক উন্নয়ন পৰিষদ দি বিজেপিয়ে ভোট আদায় কৰা ব্যৱসায় কৰিছে বুলি উল্লেখ কৰি নাগে কয়-"বিজেপিয়ে আদিবাসীৰ জন্মস্বত্ব অধিকাৰ শেষ কৰিলে।"

আদিবাসীক প্ৰতিনিধিত্ব কৰি মন্ত্ৰী,বিধায়ক আৰু সাংসদ হোৱা জনপ্ৰতিনিধিক কটাক্ষ কৰি সভাপতিগৰাকীয়ে কয়-"নাম-উপাধি দেখি তেওঁলোকক আমাৰ জাতি বুলি ক'ব নোৱাৰো।তেওঁলোক  সম্পূৰ্ণ  বিজেপি ট্ৰাইব হৈ গল।আদিবাসী ট্ৰাইব সলাই বিজেপি ট্ৰাইব লগাই ল'ব লাগে পল্লৱ লোচন দাসৰ পৰা  সঞ্জয় কিষাণলৈকে।"

উল্লেখ যে ছাত্ৰ সংগঠনটোৱে ৰাজভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বিচাৰিছিল যদিও প্ৰশাসনে অনুমতি নিদিয়াত চচলৰ প্ৰতিবাদস্থলীত ৰূপায়ণকৰে ধৰ্ণা কাৰ্যসূচী।

ধৰ্ণাৰ অন্তত দেশৰ ৰাষ্ট্ৰপতিলৈ তেওঁলোকৰ দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

Your Comments