কমল কুমাৰ মেধিৰ ব্ৰাহ্মণ বিদ্বেষী মন্তব্যৰ তীব্র গৰিহণা 'ব্ৰাহ্মণ মহাসভা,অসম'ৰ

Pic

জাতিধ্বংসী মন্তব্যৰ পৰা বিৰত থাকিবলৈ সকীয়নী সদৌ অসম উন্নয়ন পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক চন্দন বৰদলৈৰ*

'ৰাইজৰ দল'ৰ নেতা কমল কুমাৰ মেধিয়ে অসম বুৰঞ্জীৰ উদ্ধৃতি দি কামাখ্যাৰ দৈৱজ্ঞ ব্ৰাহ্মণ সমাজক সমালোচনা কৰা কাৰ্যৰ এক প্ৰেছ বিজ্ঞপ্তি যোগে তীব্ৰ গৰিহণা দিছে 'ব্ৰাহ্মণ মহাসভা,অসম'ৰ সাধাৰণ সম্পাদক প্ৰদীপ কুমাৰ শৰ্মাই।শৰ্মাই উল্লেখ কৰিছে যে কমল কুমাৰ মেধিয়ে বুৰঞ্জী বিকৃত কৰি ১ ফেব্ৰুৱাৰীত এখন সভাত ভাষণ প্ৰদান কৰি সাম্প্ৰদায়িক বিভেদৰ বীজ ৰোপণ কৰিছে।লাচিত বৰফুকনৰ পৰাক্ৰমক নিকৃষ্ট ৰাজনীতিৰ মাজলৈ টানি অনাটো অদূৰদৰ্শী আৰু অবিবেচক কাৰ্য।আহোম স্বৰ্গদেউসকল সর্বদা ব্ৰাহ্মণ হিতৈষী আছিল।শৰ্মাই কমল কুমাৰ মেধিক ভৱিষ্যতে এনে প্ৰৰোচনামূলক বক্তব্য প্ৰদান নকৰিবলৈ সকীয়াই দিয়ে।অন্যথা ব্ৰাহ্মণ মহাসভা,অসমে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি বিবৃতিত উল্লেখ কৰিছে।

আনহাতে,কমল কুমাৰ মেধিৰ ব্ৰাহ্মণ সমাজৰ প্ৰতি কৰা মন্তব্য অত্যন্ত দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে সদৌ অসম উন্নয়ন পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক চন্দন বৰদলৈয়ে।বৰদলৈয়ে কয়-আমি মেধিৰ পৰা পৰা এনে তল খাপৰ ৰাজনীতি আশা কৰা নাছিলোঁ৷তেওঁ ৰাজনীতি কৰিবলৈ আহিছে ৰাজনীতি কৰক,তাত আমাৰ ক'ব লগীয়া একো নাই।কিন্তু সেইবুলি ইতিহাস বিকৃত কৰি তেওঁ কোনো এটা সম্প্ৰদায়ক লক্ষ্য কৰি ল'ব আৰু অসমখনক ভাগ ভাগ কৰিবলৈ চেষ্টা কৰিব তাক আমাৰ সদৌ অসম উন্নয়ন পৰিষদে কেতিয়াও মানি ল’ব নোৱাৰে৷আমি তেনে সকলো পক্ষকে সকীয়াই দিবলৈ বিচাৰোঁ যাতে ভৱিষ্যতে এনেকুৱা জাতিধ্বংসী মন্তব্যৰ পৰা বিৰত থাকক।অন্যথা,আমাৰ সংগঠনে তেনে অপশক্তিবোৰক প্ৰতিহত কৰিবলৈ অকনো কুণ্ঠাবোধ নকৰিব৷

Your Comments