অখিলক সাক্ষাৎ এজেপি নেতৃত্বৰ:'ৰাইজৰ দল'ৰ সৈতে আমাৰ মিত্ৰতা চূড়ান্ত-লুৰীণজ্যোতি গগৈ

Pic

আনুষ্ঠানিকভাৱে প্ৰথমবাৰলৈ 'ৰাইজৰ দল'ৰ সভাপতি অখিল গগৈক সাক্ষাৎ অসম জাতীয় পৰিষদৰ নেতৃত্বৰ।গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কাৰবন্দী গগৈক সাক্ষাৎ কৰি এজেপি সভাপতি লুৰীণজ্যোতি গগৈৰ ঘোষণা-"মিত্ৰতা চূড়ান্ত।শীঘ্ৰে সংবাদমেলত ঘোষণা কৰা হ'ব সকলো কথা।" জিএমচিএইচৰ ২৬ নম্বৰ কেবিনত প্ৰায় ২ঘন্টা ধৰি ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় দুই গগৈ।উল্লেখ যে বৈঠকত দুয়োটা দলৰ নেতৃত্বই আগন্তক নিৰ্বাচনত আসন বুজা- বুজিৰ দিশত বিশদভাৱে আলোচনা কৰে।

চিকিৎসাধীন হৈ থকা ৰাইজৰ দলৰ সভাপতি গগৈয়ে এজেপি নেতৃত্বক আহ্বান জনাই কয়-"বিজেপিক পৰাস্ত কৰাৰ বাবে সকলো আঞ্চলিক শক্তি ঐক্যবদ্ধ হ'ব লাগিব।সাম্প্ৰদায়িক-ৰাষ্ট্রীয়তাবাদী কোনো দলৰ সৈতে নহ'ব মিত্ৰতা।"

ইফালে,অখিলক সাক্ষাৎ কৰি এজেপি সভাপতি লুৰীণে কয় -"ঐক্যবদ্ধ ৰাজনীতিৰ বিষয়ে আলোচনা কৰাৰ লগতে ৰাষ্ট্রীয়তাবাদী-সাম্প্ৰদায়িকতাবাদী শক্তিৰ বিৰুদ্ধে জাতীয়তাবাদীৰ ভোট যুদ্ধ হ'ব।কৈ থকাৰ দৰে তিনিকোণীয়া ভোট যুদ্ধ নহয়।"

"ঐক্যবদ্ধ জাতীয়তাবাদৰ কোনো বিকল্প নাই।জাতীয়তাবাদী ভোটসমূহ যাতে বিভাজিত নহয়,অসমৰ নিজৰ অধিকাৰ প্ৰতিষ্ঠাৰ বাবে এই যুঁজ।" কৃষক নেতাগৰাকীক কাৰাবন্দী কৰি ৰখা সন্দৰ্ভত লুৰীনে কয়-"অগণতান্ত্ৰিক ফেচিষ্ট মানসিকতাৰে তেওঁক বন্দী কৰি ৰখা হৈছে।তেওঁ গণ আন্দোলনত জড়িত হৈছিল, কোনো ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপৰ লগত জড়িত হোৱা নাছিল।"

বিজেপিক পৰাজিত কৰাৰ বাবে বিপিএফৰ সৈতেও মিত্ৰতা প্ৰসংগত এজেপিৰ আলোচনা চলি আছে বুলি লুৰীণে কয়। লুৰীণৰ লগতে এজেপিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা উপস্থিত থাকে সাক্ষাতৰ সময়ত।

Your Comments