সোমবাৰে গুৱাহাটীৰ জিএছ ৰোডত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰা নৱ-নিৰ্মিত পদপথৰ সেতুত পিক পেলাই লেতেৰা কৰা দুৰ্বৃত্তক বিচাৰি আৰক্ষীৰ অভিযান।দুৰ্বৃত্তক কৰায়ত্তৰ বাবে সেতুত সংলগ্ন কৰা চিচিটিভি ফুটেজ সংগ্ৰহ কৰিছে মহানগৰ আৰক্ষীয়ে।এই কথা জনালে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই। পৌৰ নিগমৰ আইন আৰু দুৰ্যোগ ব্যৱস্থাপনা আইনত দোষীক শীঘ্ৰে কৰায়ত্ত কৰা হ'ব বুলি আৰক্ষী আয়ুক্ত গুপ্তাই কয়।
গুৰুত্বপূৰ্ণ যে সোমবাৰে লোক নিৰ্মাণ বিভাগৰ অধীনত নিৰ্মিত পদপথৰ সেতু দুখন মুকলি হোৱাৰ ২৪ঘণ্টা পাৰ নৌহওঁঁতেই কোনো কাণ্ডজ্ঞানহীন দুষ্ট প্ৰকৃতিৰ লোকে পিকাই থৈ যায়।
- Log in to post comments
- 14 views