অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ উদ্যোগত বিশ্ব আদ্রভূমি দিৱস পালন।গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্রৰ মাধৱদেৱ প্ৰেক্ষাগৃহত জীৱকুলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি উদযাপন কৰা হয় বিশেষ দিনটো।
বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য।
মুখ্য বক্তা হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক পৰিমল চন্দ্ৰ ভট্টাচাৰ্য।
অনুষ্ঠানত উপস্থিত থাকি বনমন্ত্ৰীগৰাকীয়ে কয়-"আজি এটা ভাল মুহূৰ্ত।মানৱ সমাজ-জীৱ সমাজ জীয়াই থকাক লৈ আলোচনা হৈছে ।
জীয়াই থকাৰ বাবে আমাক ভূমিৰ প্ৰয়োজন।পৰিৱেশ ব্যৱস্থাত ভাবুকি কিয় আহিছে,সেই কথা চিন্তা কৰা সময় আহি পৰিছে।
জীৱশ্ৰেষ্ঠ বুলি মানৱ জাতিৰ অহংকাৰে জৈৱ-বৈচিত্ৰ ব্যৱস্থা ধ্বংস কৰিছে।"
"মন্ত্ৰীৰ দায়িত্ব লৈ বহু কাম মানৱ সমাজৰ পূৰ্ণ সহযোগিতা নথকাৰ বাবে কৰিবলৈ পৰা নাই।কিন্তু তাৰ পিছতো বহুত কাম পৰিৱেশ সংৰক্ষণৰ বাবে কৰিছোঁ"-মন্ত্ৰী বৈদ্যই কয়।
অনুষ্ঠানত উপস্থিত থাকে অবিনাশ যোশী, এ এম সিং,প্ৰধান মুখ্য বন সংৰক্ষক ৰঞ্জনা গুপ্তা প্ৰমুখ্যে বিভাগীয় বিষয়াসকল।
ইফালে,দিৱসৰ সৈতে আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাত বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদান কৰা হয়।
- Log in to post comments
- 13 views