গুৱাহাটীৰ জিএছ ৰোডত সোমবাৰে মুকলি কৰা হ'ল দুখনকৈ পদপথ সেতু।লোক নিৰ্মাণ বিভাগৰ দ্বাৰা নৱ-নিৰ্মিত পদপথ দুখন আনুষ্ঠানিকভাৱে মুকলি কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।অত্যাধুনিক প্ৰযুক্তিৰ প্ৰয়োগেৰে নৱ-নিৰ্মিত সেতু দুখনত দিব্যাংগ-বয়োজ্যেষ্ঠ লোকে চলাচল কৰিব পৰাকৈ আছে সু-ব্যৱস্থা।নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি সংলগ্ন কৰা হৈছে চিচিটিভি ব্যৱস্থা।এই কথা জনালে মন্ত্ৰী ডঃ শৰ্মাই।
মহানগৰীৰ জিএছ ৰোডৰ মিজোৰাম হাউচ, মহিন্দ্ৰা শ্ব' ৰোমৰ সমীপত মুকলি কৰা সেতু দুখনত ব্যয় হৈছে ক্ৰমে ৯.৮৮ কোটি, ১০.৬ কোটি টকা। উল্লেখ যে নৱ-নিৰ্মিত সেতু দুখনত সংলগ্ন কৰা হৈছে অত্যাধুনিক এক্সক্লেভেটৰৰ ব্যৱস্থা। মহানগৰীত সেতু দুখন উদ্বোধন কৰি মন্ত্ৰী শৰ্মাই কয়-"গুৱাহাটীৰ বাবে আজি আনন্দৰ মুহূৰ্ত।৯খন পদপথৰ সেতুৰ এয়া প্ৰথম দুখন।" পুৰণি সেতুসমূহ সফল হোৱা নাছিল বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয়-"কাৰণ দিব্যাংগ আৰু বয়োজ্যেষ্ঠসকলে ব্যৱহাৰ কৰিব পৰাকৈ অত্যাধুনিক ব্যৱস্থা নাছিল।তাৰ বাবে নতুন প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে সেতুসমূহ।" গুৱাহাটীৰ পদপথসমূহ সকলোৰে সুবিধা হোৱাকৈ সম্পূৰ্ণ ফ্লেট কৰি নিৰ্মাণৰ কাম চলি আছে।ডিভাইডাৰসমূহ অত্যাধুনিক ভাৱে নিৰ্মাণ কৰা হৈছে।মন্ত্ৰী শৰ্মাই কয়। উল্লেখ যে ব'হাগ বিহুৰ আশে-পাশে গুৱাহাটী ছুপাৰ মাৰ্কেটত উৰণীয়া সেতু মুকলিৰ লক্ষ্য লোৱা হৈছে। মহানগৰীৰ চেৰাবভাটীত নতুনকৈ এখন উৰণীয়া সেতু নিৰ্মাণৰ কাম চলিত মাহৰ পৰা আৰম্ভ হ'ব বুলি মন্ত্ৰী শৰ্মাই কয়। গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত ২৬শ কোটি টকা ব্যয়েৰে নিৰ্মিত হৈ থকা দলংখন ২০২৩ চনৰ প্ৰথম মাহত মুকলি কৰা হ'ব।নিৰ্মাণৰ কাম ৩০% সম্পূৰ্ণ হোৱা বুলি তেওঁ লগতে কয়। গুৱাহাটী ক্লাবৰ পৰা নুনমাটিলৈ ৬ লেনযুক্ত ৫.৫০ কিঃমিঃ দৈৰ্ঘ্যৰ লোক নিৰ্মাণ বিভাগে নতুনকৈ এখন উৰণীয়া সেতু অহা বর্ষত নিৰ্মাণ কৰিব বুলি উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী শৰ্মাই কয়।নতুন উৰণীয়া সেতুখনে জু-ৰোড-ৰাজগড়কো সংলগ্ন কৰিব।উৰণীয়া সেতুখনৰ আৰ্হি সোমবাৰে মুকলি কৰা হয়। ইয়াৰ উপৰিও অসমত ৫২খন উৰণীয়া সেতুৰ কাম লোক নিৰ্মাণ বিভাগৰ অধীনত স্থানীয় প্ৰতিষ্ঠান, ঠিকাদাৰে কৰি আছে। উদ্বোধন কৰা পদপথৰ সেতু দুখন অনুপন শৰ্মা, অনিল দাসে নিৰ্মাণ কৰিছে। মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে যোৱা তিনিবছৰত ৰাজ্যত চাৰি হাজাৰ পথ লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰিছে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজেশ কেম্প্ৰাই প্ৰমুখ্যে বিষয়াসকল।
- Log in to post comments
- 33 views