খানাপাৰত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ খুন্দাত আহত বেতন বঞ্চিত শিক্ষয়িত্ৰী

Pic

গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বেতন বঞ্চিত শিক্ষয়ত্ৰী দীপা পায়েঙৰ কান্দোন।শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিবলৈ আহি মন্ত্ৰীগৰাকীৰ কনভয়ৰ গাড়ীৰ খুন্দাত আহত জোনাইৰ শিক্ষয়িত্ৰীগৰাকী।

২০বছৰ অধিক কাল বিনা বেতনে শিক্ষাদান কৰি থকা শিক্ষয়ত্ৰী দীপাই খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰত শিক্ষক নিযুক্তিস্থলীত মন্ত্ৰী ডঃ শৰ্মাক সাক্ষাৎ কৰি তেওঁৰ দৰে বেতন বঞ্চিত শিক্ষকৰ দুৰ্দশাৰ কথা অৱগত কৰিবলৈ আহিছিল।কিন্তু মন্ত্ৰীগৰাকীয়ে তেওঁলোকক সাক্ষাৎ কৰা নাছিল।শিক্ষামন্ত্ৰীগৰাকীয়ে নতুনকৈ ৪১৫২ গৰাকী শিক্ষকক নিযুক্তি পত্ৰ বিতৰণ কৰি খানাপাৰা খেলপথাৰৰ পৰা উভতি যাবলৈ লোৱা সময়ত মন্ত্ৰীগৰাকীৰ বাহনৰ ফালে আগবাঢ়ি আহিছিল দীপা পায়েং।দুৰ্ভাগ্যজনকভাৱে বেতন বঞ্চিত শিক্ষয়ত্ৰীগৰাকীৰ আহ্বান তথা অভিযোগ শুনিবলৈ সময় নাছিল ব্যস্ত মন্ত্ৰীগৰাকীৰ।শৰ্মাৰ কাষলৈ যোৱাৰ চেষ্টা কৰি দুৰ্ভগীয়া শিক্ষয়ত্ৰীগৰাকী মন্ত্ৰীৰ কনভয়ৰ খুন্দাত আহত হয়।

বিনা বেতনে দুটা দশকৰো অধিক সময় শিক্ষকতা কৰি অহাৰ পিছতো নিযুক্তি নোপোৱা শিক্ষয়িত্ৰী দীপাই কয়-"১৯৯৫ চনতে নিযুক্তি পায়ো আজিলৈকে চাকৰি নিয়মীয়া নহ'ল।চাকৰিৰ বাবে দৌৰি দৌৰি সকলো মান-সন্মান শেষ হ'ল।ৰাইজৰ আগত আজি অপমান কৰিছে মন্ত্ৰী ড:শৰ্মাই।"

"আমাৰ লগৰ একাংশক নিযুক্তি দিছে,কিন্তু আমাক একো নিদিলে।কোনো চৰকাৰে আমাক গুৰুত্ব নিদিয়ে"- দুৰ্ভগীয়া শিক্ষয়ত্ৰীগৰাকীয়ে কয়।

ইফালে,মন্ত্ৰী শৰ্মাৰ কনভয়ৰ খুন্দা লাগি আহত শিক্ষয়ত্ৰীগৰাকীক চিকিৎসা কৰোৱা হয় হেলথ চিটী হাস্পতালত। উল্লেখ যে শিক্ষয়ত্ৰীগৰাকীৰ সৈতে বহুকেইগৰাকী বেতন বঞ্চিত শিক্ষক-শিক্ষয়িত্ৰী খানাপাৰাত উপস্থিত আছিল।

Your Comments