'অসমীয়া ভাষা-সংস্কৃতিৰ ওপৰত ন-ন তথ্যৰে গভীৰভাৱে উন্নতমানৰ প্ৰগ্ৰেম সৃষ্টিৰে বিশ্ববাসীৰ সন্মুখত উপস্থাপনৰ বাবে দূৰদৰ্শন অসমৰ প্ৰডিউচাৰ্ছ কাউন্সিলক প্ৰয়োজন ১০০কোটি টকাৰ বিশেষ পেকেজৰ। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ সন্মুখত বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ক এই সন্দৰ্ভত স্মাৰকপত্ৰ প্ৰদান কৰে প্ৰডিউচাৰ্ছ কাউন্সিলে। মহানগৰীৰ এডিচিস্থিত দূৰদৰ্শন কেন্দ্ৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি গুৱাহাটী দূৰদৰ্শনৰ পুৰণি প্ৰগ্ৰেম বন্ধ কৰি নতুন নতুন প্ৰগ্ৰেম সম্প্ৰচাৰৰ দাবী জনায় কাউন্সিলক।
অসমৰ প্ৰাকৃতিক,সামাজিক আৰু ভাষা-সংস্কৃতিৰ কোনো বিশেষ প্ৰগ্ৰেম গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰই কৰিব পৰা নাই বুলি প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে গুৰুতৰ অভিযোগ তোলে কাউন্সিলে। আনহাতে,অসমৰ ভাষা-কৃষ্টি- সংস্কৃতিক ন-ন তথ্যৰে উপস্থাপন কৰাৰ বাবে গুৱাহাটী দূৰদৰ্শনক ১০০কোটি টকাৰ বিশেষ পেকেজৰ প্ৰয়োজন বুলি বিজ্ঞপ্তিত উল্লেখ আছে। প্ৰতিবাদত উপস্থিত থাকে কাউন্সিলৰ সভাপতি মঞ্জু বৰা, কাৰ্যকৰী সভাপতি চন্দ্ৰ মুদৈ প্ৰমুখ্যে প্ৰায় ৩০জনৰো অধিক কাউন্সিলৰ সদস্য।
ইফালে,প্ৰতিবাদস্থলীত মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী উপস্থিত হৈ প্ৰতিবাদকাৰীৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ গ্ৰহণ কৰে তেওঁলোকৰ দাবী সম্বলিত স্মাৰকপত্ৰ।
- Log in to post comments
- 9 views