ডঃ হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ধৰ্ণা।সদৌ অসম এনএইচএম পেৰা-মেডিকেল কৰ্মচাৰী ইউনিয়নৰ।স্বাস্থ্যমন্ত্ৰী শৰ্মাক তীক্ষ্ণ সমালোচনাৰে মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীৰ পৰা বান্ধি দিলে সমস্যা সমাধান কৰাৰ বাবে ১৫দিনৰ শেষ সময়সীমা।অন্যথা ধৰাবাহিক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ ২১হাজাৰ ঠিকাভিত্তিক এনএইচএমৰ কৰ্মচাৰীৰ। তেওঁলোকৰ দাবীসমূহ হৈছে-"এনএইচএমৰ অধীনত চিকিৎসক, ফাৰ্মাচিষ্ট, লেবৰেটৰী টেকনিচিয়ান নাৰ্ছ আদিকে ধৰি স্বাস্থ্য বিভাগত নিয়োজিত হৈ থকা ঠিকাভিত্তিক কৰ্মচাৰীসকলক সম কামৰ সম দৰমহাৰ আৰ্হিত ফিক্সড পে'ৰ ব্যৱস্থাৰ সংশোধন ঘটাই সপ্তম দৰমহা আয়োগৰ মতে মজুৰি প্ৰদান কৰিব লাগে।" ২০১৯ বৰ্ষৰ ৩১ডিচেম্বৰৰ ভিতৰত ঠিকাভিত্তিক নিযুক্তি লাভ কৰা এনএইচএমৰ কৰ্মচাৰীসকলৰ চাকৰিৰ ম্যাদ ৬০ বছৰলৈ বৃদ্ধি কৰিব লাগে।
উল্লেখ যে বৰ্তমান তেওঁলোকৰ চাকৰিৰ ম্যাদ ১০ বছৰ। ঠিকাভিত্তিক কৰ্মচাৰীসকলক জ্যেষ্ঠতাৰ ভিত্তিত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত স্থায়ী পদত নিযুক্তি প্ৰদান কৰাৰো দাবী জনায় প্ৰতিবাদকাৰী কৰ্মচাৰীয়ে।
আনহাতে,ধৰ্ণাত অংশগ্ৰহণ কৰি সদৌ অসম এনএইচএম পেৰা- মেডিকেল কৰ্মচাৰী ইউনিয়নৰ সম্পাদক মফিদুল ইছলামে কয়- "১৫দিনৰ ভিতৰত যদি ৰাজ্যিক কৰ্মচাৰীৰ সমহাৰত দৰমহা প্ৰদান নকৰে,তেন্তে ইয়াতকৈ অধিক ভয়াৱহ হ'ব আন্দোলন।২০০৬ চনৰ পৰা কাম কৰি থকা বহু কৰ্মচাৰীৰ স্থায়ী নিযুক্তিৰ বয়সৰ ঊৰ্ধসীমা পাৰ হৈ গৈছে।তেনে ক্ষেত্ৰত জ্যেষ্ঠতাৰ ভিত্তিত স্থায়ী পদত নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে।" ঠিকাভিত্তিক কৰ্মচাৰীসকলে স্থায়ী কৰ্মচাৰীৰ সমানে কাম কৰে।কিন্তু দৰমহাৰ বেলিকা আকাশ-পাতাল পাৰ্থক্য বুলি উল্লেখ কৰি সম্পাদকগৰাকীয়ে কয়-"যি সময়ত বিজেপি চৰকাৰে এক দেশ এক নীতিৰ কথা কয়,সেইখন একেখন চৰকাৰে সমকামৰ বাবে কিয় সমান দৰমহা দিবলৈ নোৱাৰে!" বিকশিত অসমৰ সেনানী হিচাপে আখ্যা দিয়া স্বাস্থ্যমন্ত্ৰীৰ বৰ্তমানৰ স্থিতিত লজ্জিত বুলি উল্লেখ কৰে সম্পাদকগৰাকীয়ে।
আনহাতে,স্বাস্থ্যকর্মীসকলৰ দাবী সমাধান নহ'লে অহা বিধানসভাৰ নির্বাচন বৰ্জন কৰাৰ হুংকাৰ দিয়ে ধৰ্ণাস্থলীৰপৰা। ইউনিয়নৰ সভানেত্ৰী কল্পনা বৰাই কয়-"স্বাস্থ্যমন্ত্ৰীক দীৰ্ঘদিনৰ পৰা সমস্যা সমাধানৰ দাবী জনাই অহা হৈছে যদিও বৰ্তমানলৈ কোনো ধৰণৰ গুৰুত্ব দিয়া নাই।"
- Log in to post comments
- 11 views