গুৱাহাটীত অট'ৰিক্সা মালিক সন্থাৰ কাৰ্যালয়ত বিভিন্ন সমস্যাৰ বুজ ল'লে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে

Pic

ক্ষমতা দখলৰ লক্ষ্যৰে নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলে।জনতাৰ মন জয় কৰা লক্ষ্যৰে ৰাজনৈতিক দলসমূহে বিভিন্ন কাৰ্যসূচী আৰম্ভ কৰিছে।শুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ নির্বাচনী ইস্তাহাৰ সমিতিৰ অধ্যক্ষ সাংসদ গৌৰৱ গগৈসহ সঁজাতি দলে গুৱাহাটীৰ অট'ৰিক্সা মালিক সন্থাৰ কাৰ্যালয় ভ্ৰমণ কৰে।অট'ৰিক্সা মালিক,চালকসকলৰ দীর্ঘদিনীয়া সমস্যাৰ বুজ লয় গগৈৰ নেতৃত্বত যোৱা কংগ্ৰেছৰ দলটোৱে।

মহানগৰীৰ গনেশগুৰিৰ কাৰ্যালয়ত দলটোৱে ৰাজীৱ ভৱনৰ পৰা অট'ৰিক্সাত উঠি উপস্থিত হয়।

অট'ৰিক্সা মালিক সন্থাৰ বিভিন্ন সমস্যাৰ বুজ লৈ সাংসদ গগৈয়ে কয়-"অট'ৰিক্সাত উঠি অহাৰ বাবে বহু কথা বুজি পালো,বুজি পালো।তেওঁলোকৰ মৰ্মবেদনা।এচি গাড়ীত নহয়, প্ৰয়োজনত বাছ, ৰেল,নাৱত জনতাৰ কাষলৈ যাম।"

ইফালে,কংগ্ৰেছ চৰকাৰ আহিলে কেবিনটত সিদ্ধান্ত গ্ৰহণ কৰি সমস্যাসমূহ সমাধান কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে গগৈয়ে।

কংগ্ৰেছ দলটোত আছিল বিধায়ক ৰূপজ্যোতি কুৰ্মী, দুৰ্গা দাস বড়ো, যুৱনেতা মানস বৰা প্ৰমুখ্যে বহুকেইজন সদস্য।

তাৎপৰ্যপূৰ্ণ কথা এই যে আগন্তক নির্বাচনী ইস্তাহাৰত জনতাৰ প্ৰকৃত সমস্যাসমূহ তুলি ধৰাৰ উদ্দেশ্যৰে কংগ্ৰেছ দলৰ নির্বাচনী ইস্তাহাৰ সমিতিয়ে জনতাৰ কাষলৈ যোৱা আৰম্ভ কৰিছে।

Your Comments