গুৱাহাটীত অনলাইন খাদ্য যোগানকাৰী ছুুইগী কৰ্মচাৰীৰ প্ৰতিবাদ

গুৱাহাটী মহানগৰীত অনলাইন খাদ্য যোগানকাৰী ছুইগী কৰ্মচাৰীৰ প্ৰতিবাদ।উলুবাৰী-লাচিত নগৰৰ কেএফচিৰ সন্মুখত বিভিন্ন দাবীৰে বৃহস্পতিবাৰে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।

লকডাউনৰ সুবিধা লৈ বহুজাতিক প্ৰতিষ্ঠান ছুইগীয়ে কৰ্মচাৰীসকলৰ প্ৰাপ্য বিভিন্ন সুবিধাৰ লগতে ভাট্টাসমূহ কৰ্তন কৰাৰ গুৰুতৰ অভিযোগ  তুলি কৰ্মচাৰীসকলে সাব্যস্ত কৰে প্ৰতিবাদ।

তেওঁলোকৰ দাবীসমূহ উত্থাপন কৰি কৰ্মচাৰীসকলে কয়-"প্ৰতিটো অৰ্ডাৰ সেৱাৰ মূল্য নূন্যতম ৩০টকা হোৱাৰ লগতে গ্ৰাহকক যোগান ধৰা অৰ্ডাৰৰ বাবদ ৫টকা দিব লাগিব।"

ডেলিভাৰী মূল্য নিৰ্ধাৰণ কৰি তেওঁলোকে কয়-"শূন্যৰ পৰা ৫কিঃমিঃ লৈকে ৭টকা,৫-৮ কিঃমিঃ ৯টকা আৰু ৮ কিঃমিঃ ওপৰৰ অৰ্ডাৰ সমূহত ১২টকা দিব লাগিব।"

ছুইগী অৰ্ডাৰসমূহ একমাত্ৰ ছুইগী প্ৰতিষ্ঠানত পঞ্জীয়ন হৈ থকা কৰ্মচাৰীয়ে পাব লাগিব।অন্য প্ৰতিষ্ঠান যেনে ৰেপিড',চাৰ্ডফক্স আদিৰ লগত জড়িত কৰ্মচাৰীয়ে আগবঢ়াব নোৱাৰিব।

আনহাতে,যিসকল নিবনুৱাই গ্ৰাহকক চাইকেলৰ সহায়ত সেৱা আগবঢ়াই আহিছে সেইসকলৰ কথা উল্লেখ কৰি তেওঁলোকে কয়-"চাইকেলেৰে সেৱা আগবঢ়াই অহা যুৱকসকলে ৰেষ্টোঁঁৰাত অপেক্ষা কৰিব লগা হ'লে সময়ৰ মূল্য দিব লাগিব।

ইয়াৰ উপৰিও বৰষুণৰ বতৰত কৰ্মচাৰীসকলক প্ৰতিটো অৰ্ডাৰৰ বিপৰীতে ২০ টকাকৈ অতিৰিক্তভাৱে দিব লাগিব।প্ৰতিবাদ সাব্যস্ত কৰি এইদৰে কয় ছুইগী কৰ্মচাৰী ৰক্তিম বৰা আৰু ছনু দাসে।

Your Comments