ৰাজ্যত জটিল ৰোগত আক্রান্ত ১৪ বছৰৰ তলৰ শিশুক 'স্নেহস্পৰ্শ আচঁনি'ৰ অধীনত বিনামূলীয়া চিকিৎসা সেৱা ৰাজ্যৰ স্বাস্থ্য বিভাগৰ।জন্মগতভাৱে জটিল ৰোগত আক্রান্ত শিশুসকলক উন্নত চিকিৎসা প্ৰদানৰ লক্ষ্যৰে স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ ৷ উল্লেখ যে আচঁনিৰ অধীনত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত ১৪ বছৰ বয়সৰ তলৰ যিসকল শিশু জন্মগতভাৱে স্নায়ুৰোগ, চেৰিব্ৰেল পলিচি, মটৰ নিউৰণ বিসংগতি আদি জটিল ৰোগত আক্রান্ত হৈ আছে,সেইসকলক উক্ত আঁচনিয়ে সাঙুৰি ল'ব। বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌহদত 'স্নেহস্পর্শ আঁচনি' শিবিৰ অনুষ্ঠিত হয়।উক্ত শিবিৰত সমগ্ৰ ৰাজ্যৰ প্ৰায় ডেৰ সহস্ৰাধিক জটিল ৰোগত আক্রান্ত শিশুৰ নতুনকৈ নাম পঞ্জীয়ন কৰা হয়।
উল্লেখ যে ইয়াৰ পূৰ্বে হোৱা জিএমচিএইচৰ প্ৰথমটো শিবিৰত প্ৰায় ১ হাজাৰতকৈও অধিক শিশুৰ নাম পঞ্জীয়ন কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছে।এই কথা জানিবলৈ দিয়ে জিএমচিএইচৰ অধ্যক্ষ অচ্যুত চন্দ্ৰ বৈশ্যই।
"২৮ জানুৱাৰীৰ শিবিৰত নাম পঞ্জীয়ন কৰা শিশুসকলক স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত চিকিৎসা ব্যৱস্থা কৰা হয়। চিকিৎসা সম্পূৰ্ণ বিনামূলীয়া হ'ব"-বৈশ্যই কয়।
- Log in to post comments
- 12 views