গুৱাহাটীত আছুৰ বিক্ষোভ:"আন্দোলন কৰি মুখ্যমন্ত্ৰী হৈ আন্দোলনকাৰীক অত্যাচাৰ কৰিবলৈ লাজ পাব লাগিছিল সৰ্বানন্দ সোণোৱালে"-ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

Pic

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ দিনটোত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজ্যজুৰি শনিবাৰে ৰূপায়ণ কৰা হ'ল বিক্ষোভ।সদৌ গুৱাহাটী ছাত্ৰ সন্থা আৰু সদৌ কামৰূপ(ম) জিলা ছাত্ৰ সন্থাই গুৱাহাটীৰ দীঘলীপুখুৰী পার্কত ৰূপায়ন কৰিলে বিক্ষোভ কাৰ্যসূচী।

নাগৰিকত্ব সংশোধনী আইন- ২০১৯ বাতিল, ই.আই.এ-২০২০ প্ৰত্যাহাৰ আৰু অসম চুক্তি ৬নং দফা কমিটী প্ৰতিবেদন কাৰ্যকৰী কৰাৰ লগতে অসম চুক্তি অনুসৰি জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যা সমাধান কৰাৰ দাবীত ৰূপায়ন হয় বিক্ষোভ।

গুৱাহাটীৰ বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছু সভাপতি দীপাংক কুমাৰ নাথে বিজেপি চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে।অসমীয়া মানুহক মিছা প্ৰতিশ্ৰুতি দি ভোট লৈ অসমীয়াক জাতিক অত্যাচাৰ কৰিছে।অসমীয়া জাতি সংখ্যলঘুত পৰিণত কৰা ব্লু-প্ৰিন্ট বিজেপিয়ে ৰচনা কৰিছে বুলি তেওঁ কয়।

মুখত ক'লা কাপোৰ বান্ধি প্ৰায় দুই শতাধিক আছু কর্মীয়ে সাব্যস্ত কৰে বিক্ষোভ।"নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ বিৰোধ কৰি অসমবাসী ঐক্যবদ্ধ হৈ ক'লা দিন হিচাপে পালন কৰিছে" - নাথে লগতে কয়।

২০১৪ চনত অসমলৈ আহি মোডীয়ে অসমীয়া মানুহৰ আবেগক লৈ হেতালি খেলিছিল।১৬মে'ৰ পিছত বিদেশী টালি- টোপোলা বান্ধি যাব লাগিব বুলি কৈ ভোট লোৱা বুলি অভিযোগ তুলি নাথে কয়-"কা' জাপি ৪৩ বছৰীয়া বিদেশীৰ বোজা আমাৰ ওপৰত জাপি দিছে।বিদেশী হিন্দু- মুছলমানৰ নামত ভাগ ভাগ কৰি অসমীয়া জাতিৰ মূল কাঠামোটো আঘাত কৰিছে।তাৰ বাবে আজি এই প্ৰতিবাদ।"

বিক্ষোভত অংশগ্ৰহণ কৰি আছুৰ প্ৰাক্তন উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়-"ভয়াতুৰ চৰকাৰ ।অহিংস-গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ'বলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নৰেন্দ্ৰ মোডী, অমিত শ্বাহৰ সাহস নাই।শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত অত্যাচাৰ চলাইছে।বৰ্বৰভাৱে লাঠী চার্জ কৰিছে ফেচিষ্ট চৰকাৰে।"

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কটাক্ষ কৰি ড: সমুজ্জ্বলে কয়-"যিগৰাকী আন্দোলন কৰি আজি মুখ্যমন্ত্ৰী হ'ল,তেওঁৱে আকৌ গণতান্ত্ৰিক আন্দোলনকাৰীক পুলিচ লগাই অত্যাচাৰ কৰে।লাজ পাব লাগে মুখ্যমন্ত্ৰী, অসম চৰকাৰে ।চৰকাৰে যিমানে দমন নচলাওক আন্দোলন কিন্তু স্তব্ধ নহয়।"

"আমাক শান্তিপূৰ্ণ- গণতান্ত্ৰিক আন্দোলনক প্ৰৰোচিত কৰিছে হিংসাৰ আশ্ৰয় ল'বলৈ।কিন্তু আমি হিংসাৰ আশ্ৰয় নলও।চৰকাৰৰ প্ৰৰোচনাৰ জালত ভৰি নিদিওঁ।অহিংস-গণতান্ত্ৰিক আন্দোলন চলি যাব"-ভট্টাচাৰ্যই কয়।

"সাংবিধানিক ৰক্ষা কৱচ দিল্লীয়ে আমাৰ প্ৰতি দিয়া দয়া-মৰম নহয়।এইয়া আমাৰ প্ৰাপ্য।পাবই লাগিব।শিৱসাগৰত প্ৰধানমন্ত্ৰীয়ে অসম চুক্তিৰ ৬নং দফা প্ৰতিবেদন সন্দৰ্ভত এটা শব্দ উচ্চাৰণ নকৰিলে। এয়া প্ৰধানমন্ত্ৰীগৰাকীৰ অসমবাসীৰ প্ৰতি এটা চূড়ান্ত প্ৰতাৰণা"-ডঃ ভট্টাচাৰ্যই লগতে কয়।

উল্লেখ যে বিক্ষোভ কাৰ্যসূচীত আছু কর্মীসকলে সৰ্বানন্দ সোণোৱাল মৰি গ'ল, নৰেন্দ্ৰ মোডী মুর্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মৰি গ'ল, বিজেপি হায় হায় আদি বিভিন্ন শ্লোগান প্ৰদান কৰে।

Your Comments