দেশৰ স্বাধীনতা সংগ্রামৰ অগ্ৰণী সেনানী নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্ম জয়ন্তী শনিবাৰে দেশজুৰি পালন কৰা হয়।দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাটীতো বীৰ সংগ্রামীগৰাকীক স্মৰণ কৰি আয়োজন কৰা হয় জন্ম জয়ন্তীৰ অনুষ্ঠানৰ। সদৌ অসম নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫সংখ্যক জন্ম জয়ন্তী উদযাপন সমিতিৰ উদ্যোগত গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত বীৰগৰাকীক স্মৰণ কৰা হয়।
জন্মজয়ন্তীৰ লগত সংগতি ৰাখি পল্টনবজাৰৰ ভল্ভ' পইণ্টৰ পৰা ৰটাৰী ক্লাৱ হৈ দীঘলীপুখুৰীৰ পাৰলৈ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীক লগত লৈ 'পদযাত্ৰা' উলিওৱা হয়।কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা সমদলৰ পিছতে দীঘলীপুখুৰী পার্কত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত নেতাজী সন্দৰ্ভত আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয়।
সদৌ অসম নেতাজী সুভাষ চন্দ্ৰ বসু জন্ম জয়ন্তী সমিতিয়ে ২০২২ চনৰ ২৩ জানুৱাৰীলৈ বিভিন্ন কাৰ্য্যসুচী ৰূপায়ণ কৰি যাব বুলি জানিবলৈ দিয়ে উপ-সভাপতি ডঃ চিত্ৰলেখা দাসে। জন্ম জয়ন্তী সমিতিৰ সভাপতি নিৰুপমা বৰগোঁহাই,সদস্য হিচাপে ডঃ নগেন শইকীয়া, কনকসেন ডেকাৰ আদি দৰে বিশিষ্ট ব্যক্তিসকল আছে।
- Log in to post comments
- 8 views