মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে কেন্দ্ৰীয় চৰকাৰে অযোধ্যাত শ্ৰীৰাম মন্দিৰ নিৰ্মাণৰ বাবে এক ন্যাসৰ গঠন কৰিছে। শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰত ৰাম মন্দিৰ নিৰ্মাণৰ পুঁজি সংগ্ৰহৰ বাবে দেশৰ আন আন প্ৰান্তৰ দৰে গুৱাহাটী মহানগৰত শ্ৰীৰাম মন্দিৰ নিধি সমৰ্পণ অভিযান সমিতি গঠন কৰা হৈছে। ২০২১ বৰ্ষৰ জানুৱাৰী মাহৰ ১৫ তাৰিখৰ পৰা ৩১ তাৰিখৰ ভিতৰত এই অভিযানৰ কৰ্মকৰ্তাসকলে ঘৰে ঘৰে গৈ অভিযানৰ মহৎ উদ্দেশ্য ব্যাখ্যা কৰি প্ৰতিগৰাকী ব্যক্তিৰ পৰা পুঁজি সংগ্ৰহ কৰিব।
১৫ জানুৱাৰীৰ পহিলা মাঘত নিধি সমৰ্পণ অভিযানৰ প্ৰথম দিনটোত তীৰ্থনগৰী উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী মহাপ্ৰভু দৌলগোবিন্দ মন্দিৰৰ পৰা শ্ৰীৰাম মন্দিৰ নিৰ্মাণৰ বাবে নিধি সংগ্ৰহ অভিযানৰ শুভাৰম্ভ কৰা হয়। পুৱা ৯ বজাত দৌলগোবিন্দ মন্দিৰ পৰিচালনা সমিতিৰ হৈ সভাপতি শচীন ভূঞা আৰু কাৰ্য্যকৰী সভাপতি ৰাতুল বৰুৱাই উত্তৰ গুৱাহাটীৰ নিধি সমৰ্পণ অভিযান সমিতিৰ প্ৰমুখ অনিৰ্বাণ গোস্বামী(উত্তৰ গুৱাহাটী নগৰ কাৰ্যবাহ)ৰ লগতে মুকুটেশ্বৰ গোস্বামী প্ৰচাৰ সম্পাদক,বিশ্ব হিন্দু পৰিষদ গুৱাহাটী মহানগৰ),জ্যোতি প্ৰসাদ তামুলী (সেৱা প্ৰমুখ,বিশ্ব হিন্দু পৰিষদ,গুৱাহাটী মহানগৰ) আৰু প্ৰাঞ্জল বৰকাকতীৰ হাতত মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা নগদ ধন অৰ্পণ কৰে।ইয়াৰ লগে লগে এই অভিযানৰ শুভাৰম্ভ হয়।
ইয়াৰ পিছতে পুৱা ১০ বজাত উত্তৰ গুৱাহাটী বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজা উদযাপন সমিতিৰ(মধ্যমখণ্ড) কৰ্মকৰ্তা মৃদুলেশ্বৰ গোস্বামী,প্ৰাণেশ্বৰ শৰ্মা,সঞ্জীৱ শৰ্মাই অনিৰ্বাণ গোস্বামী,চিত্তৰঞ্জন চাংকাকতি, নুপুৰ বৰুৱা,ৰাজকমল চাংকাকতি,জিন্টু শৰ্মা প্ৰমুখ্যে নিধি সমৰ্পণ অভিযান সমিতিৰ বিষয়ববীয়াসকলৰ হাতত শ্ৰী ৰাম মন্দিৰ নিৰ্মাণ নিধিলৈ বৰঙণি অৰ্পণ কৰে।পৰৱৰ্তী পৰ্যায়ত উত্তৰ গুৱাহাটী মধ্যমখণ্ডৰ জয়ৰাম বলীৰাম নামঘৰৰ তৰফৰ পৰা পৰিচালনা সমিতিৰ সভাপতি মিহিৰ বৰুৱা আৰু সম্পাদক বুল চাংকাকতিয়ে শ্ৰী ৰাম মন্দিৰ নিৰ্মাণ নিধিলৈ বৰঙণি আগবঢ়ায়।
- Log in to post comments
- 26 views