কৰ’ণামুক্ত জিলা হোৱাৰ দিশে আগবাঢ়িছে নগাঁও জিলা। যোৱা বছৰটোত অসমৰ সৰ্বাধিক কৰ’ণা আক্ৰান্ত জিলাৰ তালিকাত স্থান পোৱা নগাঁও জিলাত নৱেম্বৰ মাহৰ পৰা হ্ৰাস পাইছিল কৰ’ণাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা। যোৱা বছৰৰ ডিচেম্বৰ মাহৰ ১৩ তাৰিখে প্ৰথমবাৰৰ বাবে ২০০০জন ব্যক্তিৰ এজনৰ মাজতো পোৱা নাছিল কৰ’ণাৰ সংক্ৰমণ। ইয়াৰ পাছত ডিচেম্বৰ শেহৰ ফালে হ্ৰাস পাইছিল কৰ’ণাত আক্ৰান্তৰ সংখ্যা।
২০২১ বৰ্ষৰ প্ৰথম সপ্তাহতে নগাঁৱলৈ ঘূৰি আহিছে স্বাভাৱিক অৱস্থা। শেহতীয়া ৬ দিনত একেৰাহে কৰ’ণাত নগাঁও জিলাৰ এজনো লোক আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰা নাই স্বাস্থ্য বিভাগে । জনসংযোগ বিভাগে সদৰি কৰা তথ্যত এই কথা প্ৰকাশ পাইছে। বৰ্তমানলৈকে নগাঁও জিলাত সৰ্বমুঠ ৯১৫৬ জন লোক কোৰোণাত আক্ৰান্ত হৈছিল ৷ এতিয়া বৰ্তমান নগাঁৱত কোৰোণাত আক্ৰান্ত ৰোগী এজনো চিকিৎসাধীন অৱস্থাত নাই।
- Log in to post comments
- 5 views