*"লাইফ অৱ এ ড্ৰাইভাৰ কেবিনৰ ইপাৰে" ৩৩তম গুৱাহাটী গ্ৰন্থমেলাত সৰ্বাধিক বিক্ৰী গ্ৰন্থ- প্ৰমোদ কলিতা*
চান্দমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত চলি থকা অসম প্ৰকাশন পৰিষদৰ ৩৩সংখ্যক গুৱাহাটী গ্ৰন্থমেলাই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে।ভবাতকৈ অধিক সঁহাৰি লাভ কৰিছো পাঠকৰ।এই মন্তব্য অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ।দেওবাৰে সামৰণি পৰিব লগা গ্ৰন্থমেলাৰ সন্দৰ্ভত সচিব কলিতাই কয়- "৮ লাখ টকাৰ গ্ৰন্থ বিক্ৰী গ্ৰন্থমেলাত।তাৰে ১২ লাখ টকা বিক্ৰী কৰিছে অসম প্ৰকাশন পৰিষদে।"
আজি একাদশ দিনত ভৰি দিয়া গ্ৰন্থমেলাখনত দৈনিক গড়ে ৪০ হাজাৰ ৰাইজ অহা বুলি জানিবলৈ দিয়ে।
গ্ৰন্থমেলাৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি কলিতাই কয়-"১৩০ টা বিপনীয়ে অংশগ্ৰহণ কৰিছে গ্ৰন্থমেলাত।তাৰে ১১৭টা অসমৰ, কলকাতাৰ ৮টা আৰু নতুন দিল্লীৰ ৫টা প্ৰকাশন গোষ্ঠীৰ বিপনী আছে ।
উল্লেখ যে গ্ৰন্থমেলাত নতুন লেখকৰ সর্বাধিক বিক্ৰী হোৱা কিতাপ হৈছে ৰূপম দত্তৰ "লাইফ অৱ এ ড্ৰাইভাৰ কেবিনৰ ইপাৰে।"প্ৰকাশন পৰিষদৰ সৰ্বাধিক বিক্ৰী হোৱা কিতাপৰ ভিতৰত কবি হীৰেন ভট্টাচাৰ্য ৰচনাৱলী,ৰজনীকান্ত বৰদলৈ ৰচনাৱলী,অনিৰুদ্ধদেৱৰ ৰচনাৱলী অন্যতম বুলি জানিবলৈ দিয়ে পৰিষদৰ সচিবগৰাকীয়ে।
"নৱপ্ৰজন্মই ডিজিটেল মিডিয়াৰ সোৱাদৰ সমান্তৰালকৈ ছপা মাধ্যমক আঁকোৱালি লৈছে।অসমৰ সকলো গ্ৰন্থমেলাৰ পূৰ্বৰ অভিলেখ ভংগ কৰিলে।আমাৰ বাবে ই এটা ভাল খবৰ"- কলিতাই কয়।
উল্লেখ যে দেওবাৰে সামৰণি পৰিব লগা অনুষ্ঠানত উপস্থিত থাকিব মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।
- Log in to post comments
- 20 views