*মন্ত্ৰী হিমন্তই অখিললৈ ভয় কৰে,এজেপি-ৰাইজৰ দলৰ জনপ্ৰিয়তাত শংকিত বিজেপি*
কৃষক নেতা অখিল গগৈক কা' আন্দোলনৰ বাবে নহয়,মাওবাদী শিবিৰত অসমৰ ল'ৰাক প্ৰশিক্ষণ ল'বলৈ পঠোৱাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে। মাওবাদীৰে সম্পৰ্ক থকাৰ তথ্য লাভৰ বাবে জামিন নাকচ হোৱা বুলি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা বিষ্ফোৰক মন্তব্যক উভতি ধৰিলে অসম জাতীয় পৰিষদ চমুকৈ এজেপিৰ উপ-সভাপতি অদীপ কুমাৰ ফুকনে।"মন্ত্ৰী শৰ্মাৰ এইবোৰ মনে সজা।আজিলৈকে নিয়াই কোনো তথ্য, যুক্তি, প্ৰমাণ দিব পৰা নাই।মাওবাদীৰে সম্পৰ্ক তথ্য দিব নোৱাৰাৰ বাবে বহুকেইটা গোচৰৰ পৰা জামিন লাভ কৰিলে।অন্তিম গোচৰত চৰকাৰী উকীলক হেঁচা প্ৰয়োগ কৰি সমগ্ৰ ব্যৱস্থাতো এই পৰ্যায়লৈ নিলে।প্ৰকৃতিতে ডঃ হিমন্ত বিশ্ব শৰ্মাই অখিলক ভয় কৰে।চৰকাৰৰ
মুখপাত্ৰ হিচাপে টুলুঙা-অযুক্তিকৰ অসত্য বাতৰি প্ৰকাশ কৰি থাকে"-ফুকনে কয়।
আঞ্চলিকতাবাদৰ ধাৰা শক্তিশালী ৰূপত আগবাঢ়িছে।ৰাইজৰ দল-জাতীয় পৰিষদক জনগণে গ্ৰহণ কৰিছে।অখিলক কাৰাৰুদ্ধ কৰি আঞ্চলিকতাবাদী ধাৰা চৰকাৰে স্তব্ধ কৰিম বুলি ভাবিছে।কিন্তু এয়া ভুল ভাবিছে।কাৰাৰুদ্ধ হৈ থকা অৱস্থাৰ পৰা জনপ্ৰতিনিধি হিচাপে '২১ত অখিল দিছপুৰলৈ আহিব- ফুকনে লগতে কয়।
চৰকাৰে ভয় কৰে অখিল গগৈক।তেওঁৰ মুক্তি হ'লে অসমত চলি থকা অগণতান্ত্ৰিক, গণবিৰোধী, দুৰ্নীতি, সমাজবিৰোধী, অসমীয়া বিৰোধী ঘটি থকা সকলো ঘটনাৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ হ'ব।তাৰ স্বাৰ্থতে বৃহস্পতিবাৰে সম্পূৰ্ণ মুক্তি পাব লগা অৱস্থা পৰা আদালতে বেল দিয়াৰ পৰা বিৰত থাকিল বুলি গুৰুতৰ অভিযোগ তুলি এজেপি নেতাগৰাকীয়ে কয়- "কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ জামিন নাকচত চৰকাৰী পক্ষৰ পৰা বিভিন্ন ধৰণৰ বাধা প্ৰদান কৰা হ'ল ।উচ্চ ন্যায়ালয়ত গোচৰৰ ক্ষেত্ৰত ন্যায়ক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছে বিজেপিয়ে।বিগত এটা বছৰ ধৰি কৃষক নেতাগৰাকীক কাৰাৰুদ্ধ কৰি থোৱাটো বিজেপি চৰকাৰৰ স্বৈৰাচাৰী, গণতান্ত্ৰিক আন্দোলনক মষিমূৰ কৰা আৰু স্বেচ্ছাচাৰী চৰিত্ৰ।নিয়াক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি অখিলক গ্ৰেপ্তাৰ কৰিলে।"
"আক্ৰোশমূলকভাৱে গ্ৰেপ্তাৰ কৰা চৰকাৰে বিনাচৰ্তে অখিলক বিহুৰ আগত মুকলি কৰি দিয়ক,নহ'লে অসমত প্ৰৱল আন্দোলন হ'ব"- হুংকাৰ প্ৰদান কৰি তেওঁ লগতে কয়।
- Log in to post comments
- 22 views