দিছপুৰ প্ৰেছ ক্লাবত শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ সৈতে মুখামুখি অনুষ্ঠান।
অনুষ্ঠানত প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈক আছুৰ সম্পদ বুলি উল্লেখ কৰি শংকৰে কয়-"সংগঠনৰ দায়িত্ব লৈ ৰাইজক দিয়া প্ৰতিশ্ৰুতি তেওঁ ৰক্ষা কৰিছে।সুবিধাবাদৰ ৰাজনীতি পৰিহাৰ কৰি আদৰ্শ অটুট ৰাখি ছাত্ৰ সন্থাৰ পৰা লৈ যোৱা শিক্ষাৰে কণ্টকময় পথেৰে আগবাঢ়িছে।আছুৱে জাতিৰ বাবে যুঁঁজ দিবলৈ তেওঁক সজাই-পৰাই আগবঢ়াই দিছে।আছুৰ পৰা ৰাজনীতিলৈ গৈ গাড্ডাৰী কৰাৰ বদনাম নাইকিয়া কৰিবলৈ তেওঁক পঠোৱা হৈছে।"
অসম জাতীয় পৰিষদলৈ আছুৰ সঁহাৰি থাকিব নেকি বুলি সোধা প্ৰশ্নত নৱনিৰ্বাচিত সাধাৰণ সম্পাদক গৰাকীয়ে কয়- 'এ' পলিটিকেল বৈশিষ্ট্য ৰক্ষা কৰি ৰাজনৈতিক ন্যায় প্ৰতিষ্ঠা কৰাৰ দায়িত্ব আছুৰ আছে।নির্বাচনী বৃত্তৰ বাহিৰত থাকি ৰাজনৈতিক ন্যায় প্ৰতিষ্ঠাৰ বাবে এজেপিক সহায় সহযোগিতা আগবঢ়াব।"
"মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰা কাম-কাজত প্ৰাক্তন সতীৰ্থ আৰু ডিব্ৰুগড় জিলাক প্ৰতিনিধিত্ব কৰা বুলি ক'বলৈ আমি লাজ পাওঁ।ছাত্ৰ সন্থাৰ প্ৰাক্তন কর্মী হিচাপে তেওঁৰ কৰ্মকাণ্ডত লজ্জিত।নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৰা কা' আন্দোলনৰ সময়ত আছুত থকা অৱস্থাত সোণোৱালে নিজে উদ্বোধন কৰা ডিব্ৰুগড়ৰ আছুৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী সোণোৱালৰ নামটো মচি দিব লগা পৰিৱেশ হৈছিল।তেওঁক লৈ আমি সন্তুষ্ট নহয়।ছাত্ৰ সন্থাৰ কলংকিত সন্তান সোণোৱাল।তেওঁ লগাই যোৱা দাগ মচিবলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব।কিন্তু লগাই যোৱা কালিমা চাফা কৰিবলৈ উঠি অহা প্ৰজন্মই চেষ্টা কৰিব"-শংকৰে কয়।
আছু চান্দা পাৰ্টী বুলি বিভিন্নজনে কৰা ইতিকিংসূচক মন্তব্য সন্দৰ্ভত সাধাৰণ সম্পাদকগৰাকীয়ে কয়- "অকপটে স্বীকাৰ কৰোঁঁ আছুৱে বৰঙণি সংগ্ৰহ কৰো।কোনো লুক- ঢাক নাই।এখন খোলা কিতাপ।আছু ৰাইজৰ সংগঠন,গতিকে ৰাইজৰ সংগঠন চলিবলৈ বৰঙণিৰ প্ৰয়োজন হয়।ৰাজহুৱা অনুষ্ঠান এটা বা অনুষ্ঠানটোৰ লগত জড়িতসকলে পিতৃ-মাতৃৰ গহনা-মাটিবাৰী বিক্ৰী কৰি পৰিচালনা নকৰে।তাৰ বাবে বৰঙণি,অনুদানৰ প্ৰয়োজন।ৰাজহুৱা কাম-কাজ চলাই নিবলৈ বৰঙণি সংগ্ৰহ কৰোঁঁ,তাৰ প্ৰমাণ ৰচিদ প্ৰদান কৰো।শাসিত বিজেপি চৰকাৰ চান্দা উঠোৱাত প্ৰথম স্থান দখল কৰি আমাক সমালোচনা কৰাৰ যুক্তি নাই।"
ছাত্ৰ সন্থাই আন্দোলন কৰি ছাত্ৰ ছাত্ৰী ভৱিষ্যৎ ধ্বংস কৰে বুলি সততে উঠা অভিযোগ নস্যাৎ কৰি শংকৰে কয়-"ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষিত ভবিষ্যৎ আছুৰ মূল বিষয়।যেতিয়া ছাত্ৰ-ছাত্ৰীৰে সমস্যা হৈছে, সেই সময়ত আছুৱে তেওঁলোকৰ লগত থিয় দিছে।অসম এনেকুৱা এখন ঠাই,আন্দোলন নকৰিলে একো নাপাওঁ।বিনামূলীয়া পাঠ্যপুথি ছাত্ৰ- ছাত্ৰীয়ে সময়ত পাবলৈ আন্দোলন কৰিব লাগে।"
প্রত্যাহ্বানৰ সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ গুৰু দায়িত্ব লৈছোঁ।আগন্তক দিনত সংগঠনটোক আগবঢ়াই নিয়াৰ বাবে পৰিকল্পনা যুগুত কৰা হৈছে।ৰাইজৰ পৰা দিহা-পৰামৰ্শ,সহায়- সহযোগিতা বিচাৰি তেওঁ কয়-"ছাত্ৰ সন্থাৰ হাইকমাণ্ড কোনো নাই।"
কৃষক নেতা অখিল গগৈক কাৰাৰুদ্ধ কৰি চৰকাৰখনে নিজৰ ফেচিষ্ট চৰিত্ৰৰ চিনাকি দিছে।গগৈক অন্যায়ভাৱে কাৰাবন্দী কৰাক গৰিহণা প্ৰদান কৰি শংকৰজ্যোতি বৰুৱাই কয়-"বিনাচৰ্তে মুক্তি দিব লাগে অখিল গগৈক।"
- Log in to post comments
- 24 views