গুৱাহাটী উচ্চ ন্যায়ালয়ত নাকচ কৃষক নেতা অখিল গগৈৰ জামিন

Pic

*বন্দীশালৰ পৰা আজিও মুকলি নহ'ল কৃষক নেতা অখিল গগৈ*

কৃষক নেতা অখিল গগৈৰ জামিন আবেদন নাকচ।গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠৰ আদালতে নাকচ কৰিলে জামিন।ন্যায়াধীশ কল্যাণ ৰায় চোৰানা আৰু অজিত বৰঠাকুৰৰ আদালতে 'নিয়া'ৰ ১৩/১৯ নম্বৰ গোচৰত নাকচ কৰিছে জামিন। উল্লেখ যে যোৱা এটা বছৰ ধৰি কাৰবন্দী হৈ থকা কৃষক নেতাগৰাকীৰ জামিন নাকচ কৰাৰ পিছতে মুকলি আকাশৰ তললৈ অহাৰ পথ দীঘলীয়া হৈ পৰাটো নিশ্চিত হৈছে।ইফালে,উচ্চ ন্যায়ালয়ৰ ৰায় বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব গগৈৰ পক্ষৰ অধিবক্তা।সংবাদ মাধ্যমক এই কথা অৱগত কৰিছে অধিবক্তা কৃষ্ণ গগৈয়ে। গুৰুত্বপূৰ্ণ যে ২০১৯ বৰ্ষৰ ১২ ডিচেম্বৰৰ পৰা কাৰবন্দী হৈ আছে কৃষক নেতাগৰাকী।চান্দমাৰীৰ 'নিয়া'ৰ বিশেষ আদালতে গগৈক উক্ত গোচৰত জামিন প্ৰদান কৰিছিল।কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে নিয়াৰ আদালতৰ ৰায়ত স্থগিতাদেশ জাৰি কৰিছিল।

সংগ্ৰামী নেতাগৰাকীৰ জামিন নাকচ কৰাৰ পিছতে বিভিন্ন দল- সংগঠনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখত উপস্থিত হৈ ক্ষোভ প্ৰকাশ কৰে।একাংশই ন্যায়ালয়ৰ ৰায়ত অসন্তুষ্টি প্ৰকাশ কৰি অখিল গগৈৰ মুক্তিৰ বাবে প্লে-কাৰ্ড প্ৰদৰ্শন কৰে।অনাগত দিনত গগৈৰ মুক্তিৰ বাবে তীব্ৰ গণতান্ত্ৰিক সংগ্রাম গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে সমৰ্থকসকলে।

তাৎপৰ্যপূৰ্ণ যে গগৈৰ অন্য তিনি সতীৰ্থ ধৈৰ্য কোঁৱৰ,বিতু সোণোৱাল, মানস কোঁৱৰে উক্ত গোচৰত ইতিমধ্যে লাভ কৰিছে জামিন।

Your Comments