উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষা সময়সূচী ঘোষণা।অসম মাধ্যমিক শিক্ষা সংসদে কলা, বিজ্ঞান আৰু বাণিজ্যিক তিনিওটা শাখা সামৰি প্ৰকাশ কৰিলে সময়সূচী।
উল্লেখ যে ১১ মে' মঙলবাৰৰ পৰা আৰম্ভ হ'ব চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা। গুৰুত্বপূৰ্ণ যে কলা শাখাত মুঠ ১লাখ ৭৫ হাজাৰ ১৭৫গৰাকী, বিজ্ঞান শাখাত ৪০হাজাৰ ৫৮৮ গৰাকী,বাণিজ্যিক শাখাত ১৮ হাজাৰ ১৭৮ গৰাকী,কাৰিকৰী শাখাত ৮৬৮গৰাকী পৰীক্ষাৰ্থী এইবাৰ অৱৰ্তীণ হ'ব।মুঠ ২ লাখ ৪৯হাজাৰ ৩৯৯ গৰাকী অৱতীৰ্ণ হব পৰীক্ষাত। শিক্ষা সংসদে প্ৰকাশ অনুসৰি ৭৯২টা চেন্টাৰত অনুষ্ঠিত হ'ব পৰীক্ষা।
পৰীক্ষা বহি মূল্যাংকনৰ বাবে ৪৭টা জ'ন নিৰ্ধাৰণ কৰিছে শিক্ষা সংসদে। ব্যৱহাৰিক পৰীক্ষাসমূহ ২০ এপ্ৰিলৰ পৰা ৫ মে'ৰ ভিতৰত অনুষ্ঠিত হব।১৪জুনত শেষ হ'ব পৰীক্ষা।
- Log in to post comments
- 18 views