বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন-২০১৯ৰ বিৰুদ্ধে আন্দোলন কৰি যোৱা এটা বছৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈৰ বৃহস্পতিবাৰে নিৰ্ণয় হ'ব ভাগ্য।গুৱাহাটী উচ্চ ন্যায়ালয়ে কৃষক নেতাগৰাকী চান্দমাৰী থানাৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা,চমুকৈ 'নিয়া'ৰ গোচৰত ঘোষণা কৰিব জামিনৰ ৰায়।পুৱা ১০.৩০ বজাত গুৱাহাটী উচ্চ ন্যায়ালয়ে গগৈৰ জামিনৰ ৰায় ঘোষণা কৰিব।ন্যায়ালয়ে কাইলৈ দিনটোৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে কৃষক নেতাগৰাকীৰ জামিনৰ ৰায়ৰ বিষয়টো।
উল্লেখ যে দীর্ঘদিন ধৰি গগৈৰ জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত চলিছিল শুনানী।উচ্চতম ন্যায়ালয়ৰ অধিবক্তাই গগৈৰ হৈ কৰিছিল যুক্তি প্ৰদৰ্শন। তাৎপৰ্যপূৰ্ণ যে চান্দমাৰীৰ নিয়াৰ আদালতে উক্ত গোচৰত পূৰ্বে গগৈক প্ৰদান কৰিছিল জামিন।কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে সেই ৰায়ত স্থগিতাদেশ জাৰি কৰিছিল।গগৈয়ে কাইলৈ জামিন লাভ কৰিলে মুকলি আকাশৰ তললৈ অহা পথ প্ৰশস্ত হ'ব।কিয়নো তেওঁৰ বিৰুদ্ধে থকা অন্য সকলো গোচৰত ইতিমধ্যে লাভ কৰিছে জামিন। গুৰুত্বপূৰ্ণ যে কাইলৈ পৰা মৰাণত অনুষ্ঠিত হ'ব 'ৰাইজৰ দল'ৰ ৰাজনৈতিক অভিৱৰ্তন।আশা কৰা হৈছে সংগ্ৰামী নেতাগৰাকীয়ে জামিন লাভ কৰিলে মৰাণত ৰাজনৈতিক অভিৱৰ্তনত ৰাইজৰ দলৰ শক্তি বৃদ্ধি কৰিব।
- Log in to post comments
- 48 views