কৰ’না মহামাৰীৰ পিছত লাহে লাহে সাধাৰণ অৱস্থালৈ ঘুৰি আহিছে সমগ্ৰ ৰাজ্যৰ যাতায়ত।পিছে সমস্যাৰ বিষয়টো হৈছে কৰ’নাৰ নাম লৈ বৃদ্ধি কৰা হৈছে বহুবোৰ প্ৰয়োজনীয় বস্তুৰ দামৰ লগতে যাতায়তৰ খৰছ ৷ গ্ৰাহকে প্ৰশ্ন কৰিলে এটাই মাত্ৰ উত্তৰ কৰ’নাৰ পিছত দাম বাঢ়িছে সকলোৰে ৷ কাষৰীয়া ৰাজ্য মেঘালয়লৈও যাবলৈও ভৰিব লগা হৈছে যাতায়তৰ নামত তিনিগুণ মূল্য ৷ পৰ্যটনৰ ক্ষেত্ৰখন বাদ দিও সাধাৰণ কাম-কাজ বা বহুলোক মেঘালয়ৰ NEIGRIHMSত চিকিৎসাৰ বাবেও যায় ৷ তেনে লোকৰ বাবে পুনৰ আৰম্ভ হৈছে দুঃসময় ৷
আনহাতে, কৰ’নাৰ নাম লৈয়ে চুবুৰীয়া ৰাজ্যখনতো লুট কৰা হৈছে অসমৰপৰা যোৱা মানুহক ৷ জনসাধাৰণে আপত্তি কৰাৰ পিছতো বৰ্তমানলৈকে দুয়োখন ৰাজ্যৰ গৃহ বিভাগে লোৱা নাই কোনো ব্যৱস্থা বা যানবাহন চালকৰ বাবে নিৰ্দিষ্ট কৰি দিয়া হোৱা নাই যাত্ৰীৰপৰা ল’ব লগা ধনৰ পৰিমাণ।
- Log in to post comments
- 17 views