"ক'ভিড নিয়ন্ত্ৰণত,কিন্তু মাক্স-সামাজিক দূৰত্ব এৰি নিদিব"-মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাইজলৈ আহ্বান

Pic

*জিএমচিএইচৰ ছুপাৰ স্পেচিয়েলিটি হাস্পতাল আৰু আই বেংক মুকলি*

ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতাল আৰু আই বেংক আনুষ্ঠানিকভাৱে মুকলি কৰে স্বাস্থ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই।মাংগলিক কৰ্মৰে শুভাৰম্ভ কৰা হাস্পতালৰ প্ৰতিটো বিভাগ পৰিদৰ্শন কৰে মন্ত্ৰী ড: শৰ্মাই। আই বেংকত প্ৰতিজন ব্যক্তিয়ে নিজৰ চকু মৃত্যুৰ পিছত দৃষ্টিহীনসকলৰ বাবে দান কৰিব পাৰিব। শুভাৰম্ভণি অনুষ্ঠানত স্বাস্থ্য বিভাগৰ সচিব অনুৰাগ গোৱেল,ডঃ দীপিকা ডেকা,জিএমচিএইচৰ অধ্যক্ষ অচ্যুত বৈশ্য,অনুপ বৰ্মন,সঞ্জয় মানচন্দ,জিএমচিএইচৰ অধীক্ষক অভিজিৎ শৰ্মা,বৰ্ণালী পাটগিৰিকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অত্যাধুনিক হাস্পতালখন উদ্বোধন কৰে মন্ত্ৰী শৰ্মাই কয়-"আনন্দ আৰু গৌৰৱৰ দিন আজি।জিএমচিএইচৰ বিকাশৰ যাত্ৰাত এয়া নতুন সংযোজন।" উল্লেখ যে অসমত জিএমচিএইচৰ উপৰিও অসম মেডিকেল কলেজ হাস্পতালত নিৰ্মীয়মান অৱস্থাত আছে দ্বিতীয়খন ছুপাৰ স্পেচিয়েলিটী হাস্পতাল।অতি অত্যাধুনিক মেডিকেল ব্যৱস্থা ইয়াত সংযোজন কৰা বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। আনহাতে,ভাৰত চৰকাৰৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰে ১০০কোটি ব্যয়ৰে জিএমচিএইচত দ্বিতীয়খন ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ নিৰ্মাণৰ কাম ৯০% সম্পূৰ্ণ হোৱা বুলি শৰ্মাই জানিবলৈ দিয়ে। জিএমচিএইচৰ মাষ্টাৰ প্লেন অনুসৰি প্ৰসূতি বিভাগ সুকীয়া হ'ব। মেডিচিন আৰু অস্ত্ৰোপচাৰৰ কাম হ'ব কেৱল জিএমচিএইছত।তাৰ বাবে দুটা বছৰৰ প্ৰয়োজন হব। "ক'ৰ'না বৰ্তমান ৬০-৭০জন পোৱা গৈছে।ৰাজ্যত ক'ৰ'না নিয়ন্ত্ৰণত।মাক্স-সামাজিক দূৰত্বৰ বাবে বহুত বেমাৰ নোহোৱা হৈছে।ক'ভিড অলপ থাকিবই।মাক্স-সামাজিক দূৰত্ব ক'ভিড নহলেও মানি চলিব লাগে"-মন্ত্ৰী শৰ্মাই ৰাইজক আহ্বান জনাই কয়। "২০২০ত বহু পৰিচিত ব্যক্তিক হেৰুৱালো।ক'ভিডে আমাৰ হাতৰ পৰা বহুত লৈ গ'ল।২০২১ আশা আৰু নতুন সম্ভাৱনাৰ বৰ্ষ হওঁক। স্বাভাৱিক জীৱন যাতে আৰম্ভ কৰিব পাৰো"-তাৰ বাবে ভগৱানৰ ওচৰত পাৰ্থনা কৰে মন্ত্ৰী শৰ্মাই। "স্বাস্থ্যখণ্ডৰ আন্তঃগাঁঠনি বৃদ্ধি বাবে কভিডৰ পৰা শিক্ষা পাইছোঁ"-শৰ্মাই লগতে কয়।

Your Comments