২০২০বৰ্ষটো সমগ্ৰ বিশ্ববাসীয়ে মনত ৰাখিব, বিশেষকৈ কোভিডৰ বাবে৷ ২০২০বৰ্ষটোৱে সকলোকে তিতা অভিজ্ঞতা দি বিদায় ল’লে, আৰম্ভ হ’ল ২০২১ বৰ্ষ। সকলোৱে আশা কৰিছে, ২০২১বৰ্ষটিয়ে সকলোৰে বাবে কঢ়িয়াই আনিব সুখ আৰু সমৃদ্ধি ৷ নৱবৰ্ষৰ প্ৰাকক্ষণত শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ গাভৰু নৈৰ বালিচৰত বলুকা শিল্পী ৰঞ্জন শইকীয়াই নিজৰ শিল্পকৰ্ম বলুকা ভাস্কৰ্য নিৰ্মাণেৰে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছে ৰাজ্যবাসীক৷
গাভৰু নৈৰ বালিত বলুকা শিল্পী ৰঞ্জন শইকীয়া আৰু তেওঁৰ সহযোগী শিল্পীসকল ক্ৰমে যীশুজ্যোতি হাজৰিকা, ৰঞ্জন দাহাল, লেখৰাজ, যুগল নাথ আদিয়ে বলুকা নিৰ্মাণেৰে নৱবৰ্ষ ২০২১ৰ শুভেচ্ছা জনাইছে পৃথিৱীবাসীক ৷ নৈৰ বলুকাত নবৱৰ্ষৰ শুভেচ্ছা দি নৈসমূহ পৰিস্কাৰ কৰি ৰাখিবলৈ এটা সময়োপযোগী বাৰ্তা দিছে এই শিল্পীসকলে ৷ নৱবৰ্ষক আদৰাৰ নামত প্ৰায় সংখ্যক লোকে নৈৰ পাৰত বনভোজ খোৱাৰ পিছত লেতেৰা কৰি থৈ যায় আৰু ঠাইডোখৰ বহুদিনলৈ প্ৰদূষিত হৈ থাকে ৷সেইবাবে নদীসমূহক পৰিস্কাৰ কৰি ৰাখিবলৈ এটা বাৰ্তা দিছে বলুকা শিল্পী ৰঞ্জন শইকীয়া আৰু তেওঁৰ সহযোগী শিল্পীৰ দলটিয়ে ৷
- Log in to post comments
- 7 views