প্ৰত্যেক বছৰৰ শেষৰ ফাললৈ সকলোৰে মনত উখল-মাখল লাগে পৰিয়াল বা আত্মীয়ৰ সৈতে বনভোজ অৰ্থাৎ পিক্নিকলৈ খাবলৈ যোৱাৰ ৷ কিন্তু বৰ্তমান সময়ত এনে বহুলোক আছে যি নিজৰ মাক-দেউতাকক বোজা সদৃশ জ্ঞান কৰি পথত এৰি থৈ যায় বা বৃদ্ধাশ্ৰমত থৈ যায় ৷ সেইসকল বৃদ্ধই আত্মীয়ৰ সৈতে বনভোজ খোৱাৰ হেপাহকণো হেৰুৱাই পেলাব লগা হয় ৷ কিন্তু এনেকুৱা এখন পৃথিৱীতেই এক অন্যধৰণৰ মানুহেও বাস কৰে।২০১২ চনত উৎপল হৰ্ষবৰ্ধন আৰু মণিকা শৰ্মাৰ অহোপুৰুষাৰ্থৰ ফল মাদাৰ বৃদ্ধাশ্ৰমে প্ৰতিষ্ঠা লাভ কৰিছিল তেওঁলোকে অতি আন্তৰিকতাৰে শাৰীৰিক আৰু মানসিক সহায়তাৰে বৃদ্ধ-বৃদ্ধাসকলৰ শুশ্ৰূষা কৰি আহিছে।
নিজৰ ঘৰৰপৰা আঁতৰি থাকিব লগা হোৱা এইসকল ককা-আইতাক কোনোটো উৎসৱ বা আনন্দৰপৰাই বঞ্চিত নকৰে উৎপল-মণিকাই ৷ উৎপল হৰ্ষবৰ্ধনৰ প্ৰচেষ্টাতে মঙলবাৰে এইসকল ককা-আইতাক লৈ ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত বনভোজৰ আয়োজন কৰা হয় ৷ নিজৰ ঘৰখনে বোজা বুলি আঁতৰ কৰি দিয়া,সকলো থাকিও অকলশৰীয়া হোৱা ককা-আইতাসকলে অন্য এজন হৃদয়ৱানৰ বাবে আজি অতি আনন্দৰে তেওঁলোকৰ দিনটো উদ্যাপন কৰিবলৈ সক্ষম হোৱাৰ লগতে অন্য এখন আপোন ঘৰ পাইছে ৷
- Log in to post comments
- 17 views