১৯২৬ চনৰ ২৯ ডিচেম্বৰ তাৰিখেই জন্ম হৈছিল অসমৰ এজন বৰেণ্য ব্যক্তি নৱকান্ত বৰুৱাৰ,যাক আমি এখুদ ককাইদেউ নামেৰেও জানো ৷ বিশিষ্ট ঔপন্যাসিক,কবি নৱকান্ত বৰুৱাৰ জন্ম হৈছিল গুৱাহাটীত নীলকান্ত বৰুৱা আৰু স্বৰ্ণলতা বৰুৱানীৰ ঘৰত ৷ অসমীয়া জাতীয় সাহিত্যৰ বেদীত মানৱীয় বিশালায়তন আৰু ওজস্বীতাৰে নক্ষত্ৰ সদৃশ সৃষ্টিপ্ৰভা প্ৰতিভাত কৰি থৈ যোৱা অসম বৰেণ্য, চিৰনমস্য কবি-ঔপন্যাসিক নৱকান্ত বৰুৱাৰ ওপজা দিন উপলক্ষে আজি পুৱা ১০ বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে নগাঁও নেহৰুবালিৰ কল্লোল সাংস্কৃতিক গোষ্ঠীৰ সমীপত চিত্ৰশিল্প অংকন, কবিতা পাঠ-আবৃত্তি আৰু গীতৰ অনুষ্ঠান অনুষ্ঠিত কৰে ৷ অনুষ্ঠানত শুনিবলৈ পোৱা যায় নৱকান্ত বৰুৱাৰ কণ্ঠত তেখেতৰ দুৰ্লভ আত্মকথাৰ কেইটামান মননশীল অ’ডিঅ’ ক্লিপ,য’ত কবিগৰাকীয়ে তেখেতৰ শৈশৱ, কৈশোৰ আৰু যৌৱনৰ লগতে সৃষ্টিশীল জগতখনৰ অনেক ৰোমাঞ্চকৰ কথা ৰাজহুৱা কৰিছে৷
- Log in to post comments
- 17 views