বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোত গুৱাহাটীৰ চচলত প্ৰতিবাদত বহিল বিভিন্ন সংগঠন।সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী-সহায়িকা সন্থাই দীর্ঘদিনীয়া দাবীৰ সমাধান বিচাৰি সাব্যস্ত কৰে প্ৰতিবাদ।
"বৰলা কাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মহিলাসকলৰ কথা বুজি নাপায়।১৫০০টকাৰে কিদৰে এমাহ চলিব পাৰে আমাৰ ৰান্ধনী সহায়িকাসকলে"- ক্ষোভ প্ৰকাশ কৰি এইদৰে কয় সন্থাৰ উপদেষ্টা তৃষ্ণা নাথে।
উল্লেখ যে ৰাজ্যত প্ৰায় ১লাখ ১৯ হাজাৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনী আৰু সহায়িকা আছে।
তেওঁলোকৰ দাবী চাকৰি নিয়মীয়াকৰণৰ লগতে ৯৬০০টকালৈ বৃদ্ধি কৰিব লাগে মজুৰি।ইয়াৰ উপৰিও ৰান্ধনী-সহায়িকাসকলৰ পেঞ্চন, মেডিকেলৰ সুবিধাৰো দাবী কৰে প্ৰতিবাদকাৰীসকলে।
গুৰুত্বপূৰ্ণ যে দীর্ঘদিন ধৰি তেওঁলোকে সমস্যাৰ সমাধান বিচাৰি সাব্যস্ত কৰি আহিছে প্ৰতিবাদ।কিন্তু সোণোৱাল চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তোলে নাথে।তেওঁ কয়- ৰান্ধনী- সহায়িকাসকলক সাক্ষাৎ কৰাৰ প্ৰতিশ্ৰুতি দিয়া মুখ্যমন্ত্ৰীয়ে এদিনো সাক্ষাৎ কৰি সমস্যা বুজ ল'বলৈ চেষ্টা নকৰিলে।
"আমাৰ দাবী পূৰণ নহ'লে অহা জানুৱাৰীৰ পৰা য'তে মন যায় তাতে ৰূপায়ন কৰিম প্ৰতিবাদ।প্ৰয়োজন হ'লে উলংগ হৈ আমাৰ অধিকাৰৰ বাবে সংগ্রাম কৰিম।তাৰ বাবে জগৰীয়া হ'ব মুখ্যমন্ত্ৰী সোণোৱাল- উপদেষ্টাগৰাকীয়ে কয়।
- Log in to post comments
- 20 views