Mission for Overall Improvement of Thana for Responsive Image চমুকৈ MOITRI বা মৈত্ৰী নামৰ এই মিছনটোৰ সুফল লাভ কৰিব অসমৰ প্ৰায় ৫৫খন থানাই ৷ উক্ত থানাকেইখন অত্যাধুনিক সা-সুবিধাৰে সুসজ্জিত কৰি তোলা হ’ব বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে ৷ এটা PTI ৰিপৰ্টৰ মতে এই সুবিধাসমূহৰ ভিতৰত থাকিব মহিলা আৰু কিশোৰ/কিশোৰীৰ বাবে পৃথক চে’ল, সুবিধাজনক লাউঞ্জ, চাইবাৰ ৰুম, নিচাসক্ত আৰু কিশোৰৰ বাবে কাউন্সেলিঙৰ সুবিধা আৰু বিশেষভাৱে সক্ষমসকলৰ বাবে অত্যাধুনিক টয়লেটৰ ব্যৱস্থা ৷ তদুপৰি ৱেইটিং ৰুম, ভিডিঅ’ কন্ফাৰেঞ্চ চিষ্টেম, খোৱাপানীৰ সুব্যৱস্থা আদিবোৰ থাকিবই বুলি সাংবাদিকৰ আগত সঞ্চালন প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় ৷
বৰ্তমান অসমত প্ৰায় ৩৪০ খন থানা আছে ৷ এইসকলোবোৰ থানা মৈত্ৰী আঁচনিৰ অধীনত অহা ১২ মাহৰ ভিতৰত সুসজ্জিত কৰি তোলাৰ প্ৰয়াস কৰা হ’ব ৷ অসম চৰকাৰে এই মৈত্ৰী আঁচনিখন ২০১২ চনতে আৰম্ভ কৰিছিল ৷
- Log in to post comments
- 34 views