শোণিতপুৰ আৰু নলবাৰী জিলাত ক’ভিড ভেক্‌চিনৰ প্ৰথম ট্ৰায়েল

Pic

ক’ভিড ভেক্‌চিনৰ প্ৰথম ক্লিনিকেল ট্ৰায়েল শোণিতপুৰ আৰু নলবাৰী জিলাত সোমবাৰৰপৰা আৰম্ভ হ’ব।জিলা দুখনৰ পাঁচখনতকৈয়ো অধিক হস্পিতালত পোনপ্ৰথমে এই ভেক্‌চিন দিয়া প্ৰক্ৰিয়াটো আৰম্ভ কৰা হ’ব বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে।এই ট্ৰায়েল প্ৰক্ৰিয়াটোৰ প্ৰথমটো ভাগত কেৱল স্বাস্থ্যকৰ্মী আৰু আংগনবাড়ী কৰ্মীসকলক ভেক্‌চিন প্ৰদান কৰা হ’ব ৷ শোণিতপুৰ জিলাত ভেক্‌চিন দিয়া প্ৰক্ৰিয়াটোৰ দায়িত্বত থাকিব তেজপুৰ মেডিকেল কলেজ, তেজপুৰ Urban PHC, ঢেকীয়াজুলি চিভিল হস্পিতাল, ৰঙাগৰা PHC আৰু ব্যক্তিগত চিকিৎসালয় টাইম্‌ছ হস্পিতেল ৷ এই সমগ্ৰ ট্ৰায়েল প্ৰক্ৰিয়াটো WHOৰ ৰিপ্ৰেজেণ্টেটিভৰ উপস্থিতিত সম্পন্ন কৰা হ’ব আৰু জিলা কৰ্তৃপক্ষই ইয়াৰ বাকীবোৰ দিশ পৰ্যালোচনা কৰি বিহিত ব্যৱস্থা লোৱাৰ দায়িত্বত থাকিব ৷

Your Comments