অসম জাতীয় পৰিষদৰ প্ৰথমখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা দেওবাৰে অনুষ্ঠিত হয় গুৱাহাটীৰ হোটেল প্ৰাগ কন্টিনেণ্টেলত।'২১ৰ নিৰ্বাচনৰ ৰণ কৌশল সম্পৰ্কে আলোচনা কৰা কাৰ্যনিৰ্বাহকখনত উপস্থিত থাকে এজেপি সভাপতি লুৰীণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞা, কাৰ্যকৰী সভাপতি পবিন্দ্র ডেকাৰ লগতে দলটোৰ কাৰ্যনিৰ্বাহক সদস্যসকল।উল্লেখ যে এজেপি দলৰ প্ৰথমখন কাৰ্যনিৰ্বাহকত গ্ৰহণ কৰা হৈছে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
সোমবাৰে সংবাদমেলত সিদ্ধান্তসমূহ ঘোষণা কৰিব দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। ইফালে,বৈঠকৰ পিছতে অসম ভ্ৰমণলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্বহীদৰ বিৰুদ্ধে কৰা তাচ্ছিল্যসূচক মন্তব্যৰ প্ৰতুত্তৰ দি লুৰীণজ্যোতিয়ে কয়-"অমিত শ্বাহে অপমান কৰিছে শ্বহীদক।দেশৰ স্বাধীনতা সংগ্ৰামী আন্দোলনকাৰীসকলক অপমান কৰাৰ লগতে অসমীয়া জাতিক অপমান কৰিছে গৃহমন্ত্ৰীগৰাকীয়ে।" আন্দোলন কৰি মুখ্যমন্ত্ৰী হোৱা সৰ্বানন্দ সোণোৱালকো গৃহমন্ত্ৰী শ্বাহে অপমান কৰা বুলি গগৈয়ে কয়। "৬নং দফাৰ উচ্চস্তৰীয় কমিটীৰ প্ৰতিবেদন গ্ৰহণ কৰিবলৈ সময় নোহোৱা গৃহমন্ত্ৰী অসমলৈ আহি মিটিং কৰিবলৈ অজস্ৰ সময় থাকে।ইয়াৰ পৰাই অনুমান হয় অসমীয়া জাতিৰ প্ৰতি বিজেপি চৰকাৰৰ যে কোনো দায়বদ্ধতা নাই।আৰু কা' আন্দোলন মষিমূৰ কৰিবলৈহে যে সকলো আছিল সেয়া প্ৰমাণ হ'ল"- লুৰীণে কয়। আন্দোলন কৰিলে শ্বহীদ হ'ব এই বুলি গৃহমন্ত্ৰীয়ে কৰা মন্তব্য সন্দৰ্ভত লুৰীণে কয়-কা' বিৰোধী আন্দোলন পুনৰ হ'ব বুলি অসমৰ ৰাইজক ৰঙা চকু দেখুৱাবলৈ বিচাৰিছে গৃহমন্ত্ৰী শ্বাহে।কিন্তু অসমীয়াই সেয়া ভয় নকৰে।অগপ সভাপতি অতুল বৰাই কংগ্ৰেছ দলৰ পৃষ্ঠপোষকতাত আঞ্চলিক দলসমূহ গঠন হোৱা বুলি কৰা ইতিকিংসূচক মন্তব্যক উভতি ধৰি সভাপতি গগৈয়ে কয়-"অতুল বৰাৰ আঞ্চলিক দল সন্দৰ্ভত কথা কোৱাৰ নৈতিক অধিকাৰ নাই। তেওঁ কি কৰিছে সকলোৱে দেখি আছে।"
- Log in to post comments
- 18 views