'২১ত পূৰ্ণ বহুমতৰে অসমত চৰকাৰ গঠন কৰিব বিজেপিয়ে-অমিত শ্বাহ

Amit Shah

'২১ত অসমত পূৰ্ণ বহুমতৰে গঠন হ'ব বিজেপিৰ চৰকাৰ।২৬ ডিচেম্বৰত আমিনগাঁৱত 'অসম দৰ্শন' আঁচনিৰ অধীনত ৮০০০ নামঘৰলৈ অনুদান বিতৰণৰ বিশাল জনসভাত এইবুলি দৃঢ় মত পোষণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিভিন্ন পদক্ষেপে অসমলৈ শান্তি ঘূৰাই আনিছে।বিটিআৰ চুক্তিৰ জড়িয়তে বড়োভূমিলৈ শান্তি ঘূৰি আহিছে।এনেবোৰ কাৰণতে অসমত পুনৰ বিজেপিৰ চৰকাৰ গঠন হ'ব বুলি দৃঢ়তাৰে কয় শ্বাহে।বিটিআৰ নিৰ্বাচনত বিজেপিৰ সাফল্য ফাইনেলৰ সফলতাৰ ট্রেইলাৰ বুলিও মন্তব্য কৰে গৃহমন্ত্ৰী শ্বাহে।ভাষণ প্ৰসংগত অসমত গঠন হোৱা নতুন দলসমূহক আক্ৰমণৰ লক্ষ্য কৰিও ল'লে শ্বাহে।এই দলসমূহ আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছক সহায় কৰাৰ বাবে গঠন হৈছে বুলি তেওঁ উল্লেখ কৰে।বটদ্ৰৱা থানৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰা হোৱা উক্ত সভাত গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে বটদ্ৰৱা থানৰ উন্নয়নৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিল পূৰ্বৰ কংগ্ৰেছ চৰকাৰে।সৰ্বানন্দ সোণোৱাল-হিমন্ত বিশ্ব শৰ্মাৰ যুটীয়ে গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ পৰা সন্দেহযুক্ত বাংলাদেশীক উচ্ছেদ কৰাৰ পিছত এতিয়া উন্নয়নৰ পদক্ষেপ গ্ৰহণ কৰিছে।ৰাজ্যৰ বিজেপি চৰকাৰে অসমলৈ সন্দেহযুক্ত বাংলাদেশীৰ প্ৰব্ৰজন বন্ধ কৰিছে বুলি বক্তব্য প্ৰসংগত মন্তব্য কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বিজেপি চৰকাৰে অসমত গঁড় হত্যা ৰোধ কৰিছে।পূৰ্বৰ কংগ্ৰেছ চৰকাৰ এই ক্ষেত্ৰত সমূলি বিফল আছিল।ৰাজ্যৰ দৰিদ্ৰ জনতা আৰু চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে বিজেপি চৰকাৰে যথেষ্ট কৰিছে বুলিও শ্বাহে উল্লেখ কৰে।৬ বছৰত ৩০ বাৰকৈ অসম ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অসমৰ উন্নয়নৰ বাবে সর্বদা সচেষ্ট বুলি তেওঁ প্ৰকাশ কৰে। ভাষণ প্ৰসংগত অমিত শ্বাহে কৃষক আন্দোলনৰ প্ৰসংগও উত্থাপন কৰে।তেওঁ প্ৰতিবাদী কৃষকসকলক চৰকাৰৰ সৈতে আলোচনা কৰাৰ বাবে আহ্বান জনায়।ভাষণ প্ৰসংগত শ্বাহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক শ্ৰদ্ধাৰে স্মৰণ কৰি সমগ্র ভাৰতবৰ্ষৰ বাবে এই আদৰ্শ অতি প্ৰয়োজনীয় বুলি মন্তব্য কৰে।ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰা সভাখনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত অসমৰ বিকাশৰ বাবে কেন্দ্ৰৰ মোডী চৰকাৰে সৰ্বাত্মক গুৰুত্ব প্ৰদান কৰিছে বুলি কয়।অসমৰ বিজেপি চৰকাৰে অসমত শান্তি-সমন্বয় প্ৰতিষ্ঠা কৰিছে বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে।অসমত এতিয়া ভিন্ন জনগোষ্ঠীৰ মাজত সম্প্রীতি বিৰাজ কৰিছে বুলি তেওঁ দৃঢ়ভাৱে কয়।সভাত ভাষণ প্ৰদান কৰি স্বাস্থ্য তথা বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে আজিৰ দিনটো এটা গৌৰৱৰ দিন।বটদ্ৰৱাৰ পৰা সন্দেহযুক্ত বাংলাদেশীক উচ্ছেদ কৰাৰ পিছত এতিয়া থানখনৰ উন্নয়নৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।বিশ্বত জিলিকি উঠিব বটদ্ৰৱা থান।ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে গুৱাহাটীত ৮০০ কোটি টকা ব্যয়ৰে দ্বিতীয়খন মেডিকেল কলেজ স্থাপন কৰা হ'ব।ৰাজ্যৰ ৮০০০ নামঘৰলৈ আঢ়ৈ লাখ টকাকৈ প্ৰদান কৰা হৈছে।প্ৰতিটো নামঘৰকে অনুদান প্ৰদান কৰিব বিজেপি চৰকাৰে।সভাখনত ৰিম'ট কনট্ৰ'লৰ জড়িয়তে গৃহমন্ত্ৰী অমিত শ্বাহে বটদ্ৰৱা থানৰ উন্নয়ন প্ৰকল্প,মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৯ খন আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে।সভাত বিভিন্ন জনগোষ্ঠীয় গীত-নৃত্য, শংকৰী কৃষ্টি প্ৰদৰ্শন কৰা হয়।

Your Comments