উত্তৰ-পূব ভ্ৰমণসূচীৰে অসমলৈ আহিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ৷ তিনিদিনীয়া কাৰ্যসূচীৰে আহি শুকুৰবাৰে নিশা গুৱাহাটী পায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক বিমানবন্দৰতে আদৰণি জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ বহু শীৰ্ষ নেতাই। আজিৰ দিনটোতে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। বিয়লি ১ বজাত ভাগ ল’ব আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মা ক্ষেত্ৰত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ এটা চৰকাৰী কাৰ্য্যসূচীত ৷ অনুষ্ঠানতে আধাৰশিলা স্থাপন কৰিব নগাঁৱৰ পৰা বটদ্ৰৱালৈ যোৱা চাৰিলেন যুক্ত পথৰ ৷ প্ৰায় ২২৩ কোটি ব্যয়েৰে “অসম মালা আঁচনি”ৰ অধীনত নিৰ্মাণ হ’ব এই পথ ৷ ইয়াৰ পিছত গুৱাহাটীত নিৰ্মাণ হ'বলগীয়া দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব শ্বাহে ৷ ৮৬০ কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে এই প্ৰকল্পত ৷ তদুপৰি,ৰাজ্যত নতুনকৈ স্থাপন হ’বলগীয়া ১১ খন আইন মহাবিদ্যালয়ৰ ১০ খনৰ আধাৰশিলা স্থাপন কৰিব অমিত শ্বাহে ৷ উক্ত অনুষ্ঠানতে ৮ হাজাৰ নামঘৰক প্ৰদান কৰিব আঢ়ৈ লাখকৈ টকা ৷ নিশাৰ ভাগলৈ বিটিচিৰ নৱ -নিৰ্বাচিত চৰকাৰৰ সদস্যৰ সৈতে আৰু উত্তৰ-পূবৰ আটাইবোৰ মিত্ৰজোঁটৰ ৰাজনৈতিক দলৰ সৈতে মত বিনিময় কৰিব ৷ শেহত দেওবাৰে কামাখ্যা দৰ্শনৰ পিছতে মণিপুৰলৈ ৰাওনা হ’ব অমিত শ্বাহ ৷
- Log in to post comments
- 8 views