চলচ্চিত্ৰ উদ্যোগটোক উদ্ধাৰ কৰিবলৈ মুখ্যমন্ত্ৰীক কাতৰ আহ্বান চলচ্চিত্ৰ গৃহ মালিক সন্থাৰ

Pic

ক'ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ঘোষণা কৰা হোৱা লকডাউনত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যৰ চলচ্চিত্ৰগৃহসমূহ পুনৰ উজ্জীৱিত কৰাৰ ক্ষেত্ৰত অসহায় হৈ পৰিছে  স্বতাধিকাৰীসকল।তেওঁলোক হৈ পৰিছে অসহায়।শুকুৰবাৰে গুৱাহাটীত এখন সংবাদমেলত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা সহায় ভিক্ষা কৰে সদৌ অসম চলচ্চিত্ৰগৃহ মালিক সংস্থাই।"মুখ্যমন্ত্ৰী মহোদয় অসমীয়া চলচ্চিত্ৰ উদ্যোগটো বচাওঁক।নহ'লে শেষ হৈ যাব"- আহ্বান সদৌ অসম  চলচ্চিত্ৰগৃহ মালিক সংস্থাৰ।

"১০মাহ চলচ্চিত্ৰ জগত বন্ধ।তাৰ পাছতো আমাৰ কৰ্মচাৰীসকলক চেষ্টা কৰি চলালোঁ।কিন্তু এতিয়া আমি অসহায়,চাৰেণ্ডাৰ কৰিছোঁ"-এই বুলি উল্লেখ কৰে সংস্থাৰ সভাপতি ৰাজীৱ কুমাৰ বৰাই।বৰাই কয়-"এটাৰ পিছত এটা চলচ্চিত্ৰ গৃহ বন্ধ হৈ আছে।চিনেমা উদ্যোগটোক এই অৱস্থাতে উদ্ধাৰ নকৰিলে আৰু উদ্ধাৰ কৰাটো সম্ভৱ নহ'ব।অসমীয়া চলচ্চিত্ৰ উদ্যোগটো এটা সৰু উদ্যোগ নহয়,জড়িত অসমীয়া কৰ্মচাৰীখিনিক আপুনি বচাওঁক।"

"গুৱাহাটীৰ মাজমজিয়াত ৪ টাকৈ ছবিগৃহ বন্ধ হ'ল বা বন্ধ হোৱাৰ পথত।আৰু কেইটা বন্ধ হ'ব তাৰ ঠিক নাই।১২টা ছবিগৃহৰ অৱস্থা বৰ্তমান অত্যন্ত বেয়া।অহা এমাহৰ ভিতৰত উদ্ধাৰ কৰাৰ বাবে যদি ব্যৱস্থা নলয়,তেন্তে বন্ধ হ'ব"-ৰাজীৱ কুমাৰ বৰাই লগতে কয়।

"অসমত চলচ্চিত্ৰগৃহ নাই।যি আছে তাৰ অৱস্থা অত্যন্ত বেয়া।কৰ্মচাৰীসকল অসমীয়া মানুহ।তেওঁলোক পৰিয়াল চলাবলৈ আজি অসহায়।
চৰকাৰে কিবা অলপ সহায় কৰি অসমীয়া কৰ্মচাৰীখিনিক উদ্ধাৰ কৰক।আমি যি পাৰো কৰিলোঁ"- বৰাই কয়।

"প্ৰত্যক্ষ-পৰোক্ষভাৱে হাজাৰ হাজাৰ কৰ্মচাৰী জড়িত আছে।মুখ্যমন্ত্ৰী মহোদয় আমাক বহুত একো নালাগে আৰু বিচৰা নাই।আমাক অলপ দিয়ক।অতি বেছি উদ্যোগটো উদ্ধাৰৰ বাবে ১০ কোটি পেকেজ দিলে যথেষ্ট হ'ব"- ছবিগৃহ মালিকসকলে এইদৰে কয়।

উল্লেখ যে ক'ৰনাৰ পূৰ্বে ৩০ খনকৈ অসমীয়া চলচ্চিত্ৰৰ কাম চলি আছিল অসমত।এই কথা জানিবলৈ দিয়ে সংস্থাৰ সভাপতি বৰাই।

"ক'ৰনাৰ পিছত অন্ধপ্রদেশ, ঝাৰখণ্ড আদি ৰাজ্যত ছবিগৃহৰ বাবে বিশেষ পেকেজ আগবঢ়াইছে চৰকাৰসমূহে।অন্ধ্ৰপ্ৰদেশত ১১শ ছবিগৃহ আছে।কিন্তু আমাৰ প্ৰায় ৮০টা ছবিগৃহক আপোনালোকে সহায় কৰক- গুৱাহাটীত সম্বোধন কৰা সংবাদমেলত এইদৰে কয় সংস্থাটোৱে।

সংবাদমেলত অনুৰাধা ছবিগৃহৰ স্বত্বাধিকাৰী চিন্ময় শৰ্মাই কয়-"১৫ মাৰ্চৰ পৰা ছবিগৃহসমূহ বন্ধ কৰি ৰখা হৈছে।তাৰ পিছতো বিদ্যুৎ বিভাগৰ এটা ফিক্সড চার্জ আমালৈ আহে।তাৰ উপৰিও এটা অতিৰিক্ত চার্জ আমালৈ আহিছে।বিদ্যুৎ ব্যয় নকৰা অৱস্থাটো এয়া হোৱাটো দুৰ্ভাগ্যজনক।চৰকাৰৰ নিৰ্দেশনা মানি ছবিগৃহসমূহ আমি বন্ধ কৰিছোঁ।তাৰ পিছত এইদৰে আমাক হাৰাশাস্তি কৰিছে বিদ্যুত বিভাগে।"

ইফালে,অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ দলেক সহায় ভিক্ষা কৰি কৰি ভাগৰি যোৱা বুলি সংবাদমেলত উল্লেখ কৰে মালিকসকলে।গতিকে অন্তিমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ ওচৰত সহায়ৰ আহ্বান জনাইছে তেওঁলোকে।

Your Comments