ব্ৰিটেইনৰ পৰা অহা অসমৰ লোকৰ দেহত ক'ৰোণা ভাইৰাছ

Pic

ডিচেম্বৰ মাহত লণ্ডনৰপৰা অসমলৈ অহা এজন লোকৰ শৰীৰত শেহতীয়াকৈ পোৱা গৈছে ক’ৰোণাৰ সংক্ৰমণ। যোৱা ১২ ডিচেম্বৰত লণ্ডনৰ পৰা দিল্লী হৈ যোৰহাটৰ ৰজাবাৰীস্থিত বাসগৃহলৈ আহিছিল আস্ফাকুৰ ৰহমান নামৰ লোকজন। যোৱা বৃহস্পতিবাৰে লোকজনক পুনৰ পৰীক্ষা কৰাত দেহত ক'ৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে। তেওঁৰ ঘৰত কাম কৰা এগৰাকী মহিলাৰ শৰীৰতো ধৰা পৰিছে ক'ৰোণাৰ সংক্ৰমণ। ১২ ডিচেম্বৰত লণ্ডনৰ পৰা আহি দিল্লীত উপস্থিত হোৱাৰ পিছত কৰা পৰীক্ষাত লোকজনৰ দেহত ক'ৰোণা নিগেটিভ পোৱা গৈছিল যদিও পিছত যোৰহাটত উপস্থিত হোৱাৰ পাছত তেওঁক ২৪ ডিচেম্বৰত পুনৰ পৰীক্ষা কৰাত ক'ৰোণা পজিটিভ পোৱা যায় । বৰ্তমান লোকজন আৰু তেওঁৰ ঘৰত কাম কৰা মহিলাগৰাকীক JMCHত ভৰ্তি কৰোৱা হৈছে । "লণ্ডনৰ পৰা অহা লোকজন কেনেদৰে সংক্ৰমণৰ বলি হৈছে সেয়া এতিয়াও নিশ্চিত হ’ব পৰা নাই । ইতিমধ্যে তেওঁৰপৰা সংগ্ৰহ কৰা নাক আৰু ডিঙিৰ শ্বোৱাব্‌ পুণাস্থিত NIVলৈ পঠিওৱা হৈছে। তাৰপৰা অহা ফলাফলৰ পিছতহে গম পোৱা যাব এই ভাইৰাছৰ ষ্ট্ৰেইন লণ্ডনৰ নে অসমৰ।" সংক্ৰমণৰ বলি হোৱা দুয়োজন লোকৰেই CT ভেল্যু ৩৪। এই পৰিমাণৰ CT ভেল্যু থকা লোকৰ পৰা আনলৈ সংক্ৰমণ হোৱাৰ আশঙ্কা কম।যোৰহাটৰ উপায়ুক্ত ৰছনি অপৰাঞ্জী কৰাতিয়ে কয়।

Your Comments