অসম চৰকাৰে জাৰি কৰিলে ক'ৰনা ভাইৰাছৰ নতুন নিৰ্দেশনাৱলী।ইংৰাজী নৱবৰ্ষৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰিছে নিৰ্দেশনাৱলী।
ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ দ্বাৰা প্ৰকাশিত ক'ভিড নিৰ্দেশনা মতে- নৱবর্ষৰ পাৰ্টীত ৫০জনতকৈ অধিক অধিক লোক উপস্থিত থাকিব নোৱাৰিব।
ৰাজহুৱা স্থান,পাৰ্টীত ৫০% লোকহে উপস্থিত থাকিব পাৰিব। ৰাজহুৱা স্থানত নৱবৰ্ষৰ আয়োজন কৰিলে সামাজিক দূৰত্ব মানি চলিব লাগিব। যিকোনো ধৰ্মীয় অনুষ্ঠান ঘৰৰ ভিতৰৰ পৰাই কৰক।ৰাজহুৱা স্থানত কৰিব লগা হ'লে ক'ভিড নিয়ম মানি সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব। উদ্যোক্তাসকলে মাক্স-চেনিটাইজাৰৰ ব্যৱস্থা কৰিব লাগিব।প্ৰয়োজনত কৰ্মচাৰী কভিড টেষ্ট কৰাটো বাধ্যতামূলক।
- Log in to post comments
- 76 views