মধ্য অসমৰ ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগে(UGC) অট'নমাছ কলেজৰ স্বীকৃতি প্ৰদান কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ প্ৰথমখন মহাবিদ্যালয় হিচাপে নগাঁও মহাবিদ্যালয়ে এই স্বীকৃতি লাভ কৰিছে। ইয়াৰ পূৰ্বে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ যোৰহাটৰ জে বি কলেজ আৰু লক্ষীমপুৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগে(UGC) এই স্বীকৃতি প্ৰদান কৰিছে। যোৱা ৬ ডিচেম্বৰত বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনৰ এটি দলে নগাঁও মহাবিদ্যালয় পৰিদৰ্শন কৰিছিল। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ শৰৎ বৰকটকী, বিধায়ক ৰূপক শৰ্মা আৰু মহাবিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীৰ সৈতে এক বৈঠকতো মিলিত হৈছিল। উক্ত বৈঠকতে নগাঁও মহাবিদ্যালয়ক অট'নমাছ কলেজ ৰূপে স্বীকৃতি দিয়াৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দলটোৱে সকলোবোৰ দিশ পৰ্যবেক্ষণ কৰিছিল। অৱশেষত মঙলবাৰে বিশ্ববিদ্যালয় অনুদান আয়োগে নগাঁও মহাবিদ্যালয়ক এই স্বীকৃতি প্ৰদান কৰিছে।
এতিয়াৰে পৰা মহাবিদ্যালয়খনে সকলো কাৰ্য স্বতন্ত্ৰভাৱে পৰিচালনা কৰিব পাৰিব। এতিয়াৰে পৰা নগাঁও মহাবিদ্যালয়ে নিজাকৈ প্ৰশ্নকাকত প্ৰস্তুত কৰি পৰীক্ষা পাতিব পাৰিব। বিশ্ববিদ্যালয়ৰ দৰে নিজাকৈ বিভিন্ন পাঠ্যক্ৰম প্ৰস্তুত কৰিব পাৰিব আৰু এমফিল পৰ্যায়লৈকে নগাঁও কলেজতে শিক্ষাগ্ৰহণ কৰিব পৰা যাব।
ইয়াৰ পূৰ্বে UGCয়ে যোৰহাটৰ জে বি কলেজ আৰু লক্ষীমপুৰ কলেজক অট'নমাছ কলেজৰ স্বীকৃতি প্ৰদান কৰিছে।
- Log in to post comments
- 11 views