উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা:প্ৰমোদৰ সন্মুখত অগ্নিপৰীক্ষাৰ বিপৰীতে হাগ্ৰামাৰ সুবৰ্ণ সুযোগ সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ

Pic

বিটিচিৰ প্ৰমোদ বড়ো নেতৃত্বাধীন নৱগঠিত পৰিষদৰ কাম-কাজত গুৱাহাটী উচ্চ ন্যায়ালয়ে স্থগিতা দেশ জাৰি কৰাৰ পিছত আজি পুনৰ হাগ্ৰামা মহিলাৰীসহ ৬জন পাৰিষদে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে সুমন শ্যামৰ আদালতে।

আদালতে শুনানি গ্ৰহণ কৰি ২৬ ডিচেম্বৰ ভিতৰত বিটিচি মুখ্য কাৰ্যবাহী বাবে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰা নিৰ্দেশ প্ৰদান কৰে।উল্লেখ যে উক্ত নিৰ্বাচনত যিগৰাকী প্ৰাৰ্থীয়ে অধিক ভোট লাভ কৰিব,তেওঁৱে হ'ব বিটিচিৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী।

ন্যায়ালয়ে নিৰ্দেশ অনুসৰি বিটিচিৰ ৩৯ জন পাৰিষদেহে ভোটদান কৰিব পাৰিব মুখ্য কাৰ্যবাহী নিৰ্বাচনত।কিয়নো প্ৰমোদ বড়োৱে এজন পাৰিষদৰহে ভোটদান কৰিব পাৰিব।নিৰ্বাচিত যিকোনো প্ৰাৰ্থীয়ে মুুখ্য কাৰ্যবাহী পদৰ বাবে অৱৰ্তীন হ'ব পাৰিব নিৰ্বাচনত।কিন্তু মনোনীত কোনো প্ৰাৰ্থীয়ে মুখ্য কাৰ্যবাহী নিৰ্বাচনত কৰিব নোৱাৰিব ভোটদান।

যিগৰাকী প্ৰাৰ্থীয়ে সর্বাধিক ভোট লাভ কৰিব, তেওঁৱে নিৰ্বাচিত হ'ব বিটিচি মুখ্য কাৰ্যবাহী হিচাপে।

নিৰ্বাচিত পাৰিষদক জাননী জাৰি কৰি মুখ্য কাৰ্যবাহী নিৰ্বাচনৰ দিন নিৰ্ধাৰণ কৰিব লাগিব।নিৰ্বাচন অনুষ্ঠিত নকৰাকৈ প্ৰমোদ বড়োক মুখ্য কাৰ্যবাহী নিয়োগ কৰাতোক ন্যায়ালয়ে আইন সংগত নহয় বুলি উল্লেখ কৰে।জগদিম্বা পাল ৰায়ৰ ভিত্তিত সুমন শ্যাম আদালতে প্ৰদান কৰিছে এই নিৰ্দেশনা। 

উল্লেখ যে হাগ্ৰামা মহিলাৰীৰ পক্ষই ৫৬৫০/২০২০ নম্বৰৰ লেখ আবেদন দাখিল কৰিছিল উচ্চ ন্যায়ালয়ত।ন্যায়ালয়ৰ প্ৰথম শুনানিত ২০০৪ নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ আছিল।

পৰৱৰ্তী শুনানি ন্যায়ালয়ে গ্ৰহণ কৰিব ১১ জানুৱাৰীত।

ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছতে প্ৰমোদ বড়োৰ সন্মুখত অগ্নিপৰীক্ষাৰ বিপৰীতে হাগ্ৰামা মহিলাৰীৰ সন্মুখত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰাৰ সুবৰ্ণ সুযোগ হিচাপে চিহ্নিত হৈছে।

Your Comments