আলফাৰ উপ-সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাসহ ৬৩জন উগ্ৰপন্থী কেডাৰৰ অস্ত্ৰ সম্বৰণ

গুৱাহাটীৰ শংকৰদেৱৰ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত অস্ত্ৰ সম্বৰণ কৰে চাৰিটা উগ্ৰপন্থী সংগঠনৰ কেডাৰে।মুঠ ৬৩ গৰাকী উগ্ৰপন্থী কেডাৰে সশস্ত্ৰ পন্থা ত্যাগ কৰি মূলসুঁতিলৈ ঘূৰি আহে।

অস্ত্ৰ সম্বৰণ কৰা উগ্ৰপন্থী কেডাৰৰ ভিতৰত আছে আলফা(স্বা)ৰ ১৮ জন, পি ডি চি কেৰ ১জন, ইউপি আৰ এফৰ ৩২ জন,ডিন এন এল এফৰ ১৩জন।

উল্লেখ যে অস্ত্ৰ সম্বৰণ কৰা আলফা কেডাৰসকলৰ ভিতৰত আছে উপ-সেনাধক্ষ দৃষ্টি ৰাজখোৱা, মণ্টু শইকীয়া, সাগৰ তপ্প'।

Pic

অস্ত্ৰ সম্বৰণ কৰা সদস্যসকলে জমা দিয়ে এ কে ৰাইফল ১৪টা, এটা এম-২০, ৰাইফল, এটা লেঠড গান, 9এম এম কাৰ্বাইন ২টা, পিষ্টল ১৫টাৰ উপৰীও গুলী,টনেটৰ আদি।

অস্ত্ৰ সম্বৰণ অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত,ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা, এছ বি  আইজিপি হীৰেন নাথ আদিকে ধৰি শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

Your Comments