'শব্দ-শিল্প'ৰ লকডাউন বিষয়ক কবিতা,অণুগল্প গ্ৰন্থ উন্মোচন

Pic

নবীন প্ৰকাশন সংস্থা 'শব্দ-শিল্প'ৰ সৌজন্যত প্ৰকাশিত লকডাউন বিষয়ক দুখন গ্ৰন্থ ক্ৰমে 'লকডাউনৰ অণুগল্প' আৰু 'লকডাউনৰ কবিতা' যোৱা ২০ ডিচেম্বৰত হাতীগাঁৱৰ সিজুবাৰী প্ৰাথমিক বিদ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় ৷ অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় চাৰি কুৰিকৈ লেখকৰ অণুগল্প আৰু কবিতা সন্নিবিষ্ট গ্ৰন্থ দুখন উন্মোচন কৰে ক্ৰমে বিশিষ্ট সাহিত্যিক ভৱানী প্ৰসাদ অধিকাৰী আৰু বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অধ্যাপক ড° অপূৰ্ব কুমাৰ গোস্বামীয়ে ৷ গ্ৰন্থ দুখনৰ সম্পাদনা জ্যেষ্ঠ সাংবাদিক তথা লেখক চন্দন ভাগৱতীৰ ৷ সভাৰ আদৰণী ভাষণ প্ৰদান কৰে প্ৰকাশক পুষ্পাঞ্জলি গোস্বামীয়ে ৷

Pic

অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লেখক-লেখিকাসকলে সৌষ্ঠৱ বঢ়োৱা এই উন্মোচনী অনুষ্ঠানত উন্মোচক দুগৰাকীৰ সাৰগৰ্ভ ভাষণে সকলোকে আপ্লুত কৰাৰ লগতে মঙলদৈৰ পৰা আহি অনুষ্ঠানত ভাগ লোৱা অশীতিপৰ লেখক ৰমণী কান্ত বৰুৱাৰ বক্তব্যই সকলোকে অনুপ্ৰাণিত কৰে ৷

Your Comments