অসমৰ এখন অখ্যাত পক্ষী উদ্যানৰ কথা জানো আহক...

Pic

উদ্যানখনৰ নাম “জয়সাগৰ দলনি”।আছে নগাঁৱৰ কলিয়াবৰত ৷ উত্তৰে আছে শেনচোৱা, চামধৰা গাঁও আৰু দক্ষিণে পূৱথৰিয়া মৌজাৰ গাওঁবোৰ ৷ জয়সাগৰ দলনিখন পূৱা-পশ্চিমাকৈ প্ৰায় ৫ কিলোমিটাৰ আৰু উত্তৰা-দক্ষিণাকৈ ৪ কিলোমিটাৰমান মাটিকালিৰ হ’ব। স্থানীয় ৰাইজৰ মতে দলনিখনত বহুকালৰ আগতে বাৰিষা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী সোমাইছিল ৷ দলনিখনৰ লগতে আনুমানিক ৰজা চক্ৰধ্বজ সিংহৰ দিনৰ “ভৰালী বৰুৱা” নামৰ এটা পুখুৰী আছে ৷ জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ দলনিখনৰ পাৰত থকা বিভিন্ন প্ৰজাতিৰ গছবোৰ অলেখ চৰাইৰ বাহ ৷

ইয়াত অলেখ প্ৰজাতিৰ হাঁহ, বিভিন্ন জাতৰ বগলী, পানীকাউৰী, মাছৰোকা, বিভিন্ন প্ৰজাতিৰ শেন জাতীয় চৰাই, ধনেশ, বি ইটাৰ আৰু ঋতুৱে ঋতুৱে হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাই পোৱা যায় ৷ শীতকালত দলনিখনলৈ বনৰীয়া হাতীৰ জাকো অহা পৰিলক্ষিত হয়।সকলোধৰণৰ প্ৰদূষণৰপৰা মুক্ত ঠাইডোখৰ জৈৱ-বৈচিত্ৰৰ এটা Hotspot বুলিব পাৰি ৷

স্থানীয় ৰাইজে দিয়া ভাষ্য অনুসৰি আজিকালি কিছুমান দুস্কৃতিকাৰীয়ে তাত ফান্দ পাতি চৰাই ধৰাৰ ফলত কিছুমান চৰাইৰ সংখ্যা কমিবলৈ আৰম্ভ কৰিছে ৷ সেয়ে তাৰ ৰাইজে Friendship for Animals নামৰ এটা বেচৰকাৰী সংঘ গঢ়ি তুলি তাৰ ৰক্ষণাবেক্ষণৰ কাম কৰিছে ৷

Your Comments