অসম চুক্তিক সমৰ্থন জনাই সোমবাৰে ৰাজ্যত আত্মপ্ৰকাশ হ'ব সংখ্যালঘু ৰাজনৈতিক দলৰ

Pic

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত গঠন হৈছে বহুকেইটা নতুন ৰাজনৈতিক দল।সোমবাৰে ৰাজ্যৰ ৰাজনীতিত আত্মপ্ৰকাশ ঘটিব এটা সংখ্যালঘু ৰাজনৈতিক দলৰ।সংবাদ মাধ্যমক এই কথা অৱগত কৰিলে গঠন হ'ব লগা দলটোৰ আহ্বায়ক তথা অধিবক্তা ৰেজাউল কৰিমে। ৰাজ্যৰ সংখ্যালঘুসকলে বিভিন্ন সময়ত বলি হোৱা ৰাজনৈতিক বৈষম্যৰ সমস্যাৰ সমাধান কৰা হ'ব দলটোৰ মূল লক্ষ্য-উদ্দেশ্য।এই কথা জনালে কৰিমে। '২১ৰ নিৰ্বাচনত প্ৰাৰ্থী থিয় কৰাব গঠন হ'ব লগা সংখ্যালঘু দলটোৱে বুলি উল্লেখ কৰি কৰিমে কয়- "বিজেপি,এআইইউডিএফ,কংগ্ৰেছ দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব দলটো।দীৰ্ঘদিনে এই ৰাজনৈতিক দলসমূহে সংখ্যালঘুসকলক কেৱল ব্যৱহাৰ কৰি অহা বুলি তেওঁ কয়। গুৱাহাটী প্ৰেছ ক্লাবত ঘোষণা কৰা হ'ব নতুন ৰাজনৈতিক দলটোৰ নাম।

Your Comments