"গুৱাহাটীবাসীৰ বাবে ভাল খবৰ।ৰন্ধন গেছৰ ছিলিণ্ডাৰ ক্ৰয়ৰ বাবে এজেঞ্চিত গৈ দীঘলীয়া শাৰী পতাৰ সমস্যাৰ শীঘ্ৰে সমাধান হ'ব।ডিএনপি লিমিটেডে কামৰূপ(ম), কামৰূপ গ্ৰাম্যৰ জনতাক ঘৰে ঘৰে যোগান ধৰিব পাইপ গেছ সেৱা।আগন্তক ৬-৯ মাহৰ ভিতৰত লাভ কৰিব এই সুবিধা"-এই কথা ঘোষণা ডিএনপি লিমিটেডৰ অধ্যক্ষ ৰূপম গোস্বামীৰ। উল্লেখ যে শিলচৰত ডিএনপি পাইপ গেছ সেৱা ইতিমধ্যে আৰম্ভ হোৱা বুলি উল্লেখ কৰি গোস্বামীয়ে কয়-"কামৰূপ(ম)ত ক'ৰ'নাৰ বাবে কিছু পলম হৈছিল।"
গুৰুত্বপূৰ্ণ যে ৬ হাজাৰ কোটি টকা ব্যয়েৰে বাৰাউনীৰ পৰা গেছ অনাৰ বাবে পাইপ লাইনৰ কাম চলি থকা বুলি অধ্যক্ষগৰাকীয়ে কয়। "উদ্যোগ কৰিবলৈ বিচৰা যুৱক-যুৱতীৰ বাবে সুবিধাজনক হ'ব গেছ সেৱা।ৰাজ্যত বিদ্যুৎ সমস্যা আছে।তাৰ বাবে বহুতো উদ্যোগ যিদৰে আগবাঢ়িব লাগিছিল সেইদৰে আগবাঢ়িব পৰা নাই।কিন্তু এই গেছ সেৱাই কম খৰছত উদ্যোগীসকলৰ সহায়ক হ'ব"-গোস্বামীয়ে কয়। বৰ্তমান এলপিজি গেছ ক্ৰয় কৰাৰ বাবে ৮০০-৯০০টকাৰ প্ৰয়োজন হৈ আহিছে।কিন্তু পাইপ গেছ হ'লে ব্যয় কৰিব লাগিব ৩৫০-৪০০টকা বুলিও লগতে তেওঁ কয়।
প্ৰথম পৰ্যায়ত ১০ হাজাৰ পৰিয়ালক সামৰি ল'ব এই সেৱাত।
- Log in to post comments
- 8 views