অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষা কেলেংকাৰীৰ তদন্ত সমাপ্ত।তদন্তকাৰী চিআইডিয়ে ৩৬ জন অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰিলে অভিযোগনামা।
উল্লেখ যে ৩৭ গৰাকী সাক্ষীৰ জৱানবন্দী লৈ ৮৭ দিনত দাখিল কৰা অভিযোগনামাত আছে ২২৬১ পৃষ্ঠা।ফৰেনচিক প্ৰতিবেদনো অভিযোগনামাত দাখিল কৰিছে তদন্তকাৰী সন্থাই।
সমগ্ৰ কেলেংকাৰীত জব্দ হৈছিল ৬ কোটি,৬২ লাখ ৬৯ হাজাৰ ৪৪০ টকা।৩২টা মোবাইল ফোন,১১টা ভিডিআৰ,৫টা লেপটপ,৯খন চাৰিচকীয়া আৰু এখন দুচকীয়া বাহন।
পিকে দত্ত, দ্বিবন ডেকা, কুমাৰ সঞ্জিত কৃষ্ণ, ৰূপম ডেকা, সৰোজ শৰ্মা, ৰুবুল হাজৰিকা, কুশল দাস, হীৰকজ্যোতি বৰুৱা, দেৱৰাজ দাস প্ৰমুখ্যে মুঠ ৩৬জনৰ বিৰুদ্ধে প্ৰমাণসহ অভিযোগনাম বিশেষ আদালতত দাখিল কৰাৰ কথা সংবাদমেল যোগে ঘোষণা কৰে চিআইডি আইজিপি সুৰেন্দ্র কুমাৰে।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ মৰ্মে অভিযোগনামা দাখিল কৰা বুলি উল্লেখ কৰে চিআইডি বিষয়াগৰাকীয়ে।
- Log in to post comments
- 13 views