অসমবাসীৰ হেঁপাহৰ অসম জাতীয় পৰিষদৰ বৃহস্পতিবাৰে আনুষ্ঠানিক আত্মপ্ৰকাশ ।লক্ষাধিক জনতা সাক্ষী হৈ ৰ'ল ঐতিহাসিক শিৱসাগৰ বৰ্ডিং খেল পথাৰ। দুদিনীয়াকৈ অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তনৰ ১৮ ডিচেম্বৰত সামৰণি পৰে।
সামৰণিৰ দিনটোত কেন্দ্ৰীয় সমিতি গঠন আৰু মুকলি সভা অনুষ্ঠিত হয় ব'ৰ্ডিং খেলপথাৰত।শদিয়াৰ পৰা ধুবুৰীলৈ লক্ষ-লক্ষ জনতাৰ উপস্থিতিত পুনৰ জীপাল হ'ল সম্প্ৰীতিৰ অন্যতম নিদৰ্শন শিৱসাগৰ। অসমৰ বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতিৰ পয়োভৰ ঘটিল এজেপিৰ অভিৱৰ্তনখনত।জাতি-ধৰ্ম-বৰ্ণ-ভাষাৰ সকলো একত্ৰিত হ'ল।প্ৰতিজন স্বাভিমানী অসমীয়াৰ দুচকুত পৰিস্ফুট হ'ল জাতীয়তাবাদৰ স্বপ্ন।
- Log in to post comments
- 18 views