শিৱসাগৰত পুত্ৰ লুৰীণজ্যোতি গগৈৰ ৰাজনৈতিক যাত্ৰাৰ সাক্ষী হ'ল মাতৃ দুলু গগৈ

Lurinjyoti

*ল'ৰাটোক সকলোৱে ভাল পাইছে, ভাল কাম কৰি গ'লে আমাৰো ভাল লাগিব- দুলু গগৈ*

একমাত্ৰ পুত্ৰৰ ৰাজনৈতিক যাত্ৰাৰ সাক্ষী হ'ল মাতৃ দুলু গগৈ।ঐতিহাসিক শিৱসাগৰ ব'ৰ্ডিং খেলপথাৰত অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তনস্থলীত পুত্ৰ লুৰীণজ্যোতি গগৈৰ নতুন যাত্ৰাক সন্মুখৰ পৰা আশীৰ্বাদ দিলে মাতৃ দুলুৱে। বুধবাৰে পুত্ৰ লুৰীণে এজেপি দলত যোগদান কৰাৰ পিছত বৃহস্পতিবাৰে দলৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব।পুত্ৰই গুৰু দায়িত্ব দায়িত্ব গ্ৰহণৰ প্ৰাকমুহূৰ্তত তিনিচুকীয়া জিলাৰ বৰলাইপুলিৰ পৰা আহি মাতৃয়ে দিলেহি আশীৰ্বাদ।

Pic

শিৱসাগৰত উপস্থিত হৈ মাতৃ দুলুৱে সংবাদমাধ্যমৰ সন্মুখত কয়-"ল'ৰাটোক সকলোৱে ভাল পাইছে যেতিয়া কাম-কাজবোৰো ভাল মতে কৰি গ'লে মোৰো ভাল লাগিব।সি যদি কামটো চলাব নোৱাৰে!ডাঙৰ গধুৰ বুজাটো লৈ কি কৰিব সেইটোত মোৰো চিন্তা হয়"। পুত্ৰৰ প্ৰতি মাতৃয়ে আশা প্ৰকাশ কৰি কয়-"ভাল কৈ কাম কৰিব নোৱাৰিলে মোৰো দুখ লাগিব।ৰাইজেও ভাল নাপাব।ভাল কাম কৰিলে ভাল লাগিব আমাৰ।" "কৰিব লগা কাম কৰি যাব লাগে।যদি ভালকৈ কৰিব পাৰে।ভালকৈ কৰিব নোৱাৰিলে বদনামৰ কথা।সেই বাবে দুখ-ভয় লাগে।" ইফালে পুত্ৰ লুৰীণে চৰকাৰক কৰা সমালোচনা সন্দৰ্ভত মাতৃ দুলুৱে কয়-"চৰকাৰক সমালোচনা কৰিলে টিভিত দেখি মোৰ ভয় লাগে।তেতিয়া ঘৰলৈ গ'লে বাধা দিওঁ, এইবোৰ কথা নকবি।"

Your Comments