অসম জাতীয় পৰিষদত যোগদান কৰাৰ কথা আনুষ্ঠানিক ঘোষণা আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ।গুৱাহাটী এখন হোটেলত সংবাদমেল সম্বোধন কৰি ঘোষণা কৰিলে এই কথা।অহা ১৬, ১৭ ডিচেম্বৰত শিৱসাগৰ বৰ্ডিং ফিল্ডত অনুষ্ঠিত হ'ব লগা এজেপিৰ ৰাজনৈতিক অভিৱৰ্তনত আনুষ্ঠানিকভাৱে তেওঁ দলটোত যোগদান কৰিব। জনতাই বিচাৰি থকা সপোনৰ অসম প্ৰতিষ্ঠা কৰাৰ বাবে এজেপি দলত যোগদান কৰিব বুলি কয় প্ৰাক্তন আছু নেতাগৰাকীয়ে। অসমৰ সকলো জাতীয় আঞ্চলিক ৰাজনৈতিক দলক ঐক্যবদ্ধ হৈ সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে থিয় হোৱাৰ আহ্বান জনাই গগৈয়ে কয়- "২১ত অসমত আঞ্চলিকতাবাদী শক্তিৰ চৰকাৰ যে হ'ব সেয়া নিশ্চয়।ৰাইজৰ দলকে আৰম্ভ কৰি সকলো ঐক্যবদ্ধ হোৱাৰ বিকল্প নাই।" অসমবাসী ৰাইজক সাম্প্ৰদায়িক শক্তি আৰু অসমৰ প্ৰকৃত উন্নয়নৰ বাবে এজেপি দলটোত যোগদানৰো আহ্বান জনায় সংবাদমেলৰ পৰা। উল্লেখ যে প্ৰাপ্ত খবৰ অনুসৰি লুৰীণৰ নেতৃত্বতে আগবাঢ়িব এজেপি।
- Log in to post comments
- 14 views