কাৰ্বি জাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ গণ ধৰ্ণা ৰূপায়ণ

Pic

কাৰ্বি আংলং,ডিমা হাছাওৰ বাহিৰত বসবাস কৰা কাৰ্বি জনগোষ্ঠীক অনুসূচিত জনজাতিত অন্তৰ্ভুক্ত আৰু স্বায়ত্ব পৰিষদ গঠনৰ দাবীত গুৱাহাটীত চচলত শুকুৰবাৰে গণ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিলে কাৰ্বি জাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে।প্ৰায় দুই শতাধিক কাৰ্বি নাগৰিকে তেওঁলোকৰ সমস্যা সমাধানৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ। "অসমৰ বিভিন্ন প্ৰান্তত প্ৰায় তিনি লক্ষাধিক কাৰ্বি জনগোষ্ঠীৰ লোক বসবাস কৰি আহিছে।২০১৬ চনৰ পূৰ্বে বিজেপি চৰকাৰে এইসকল লোকৰ সকলো সমস্যা সমাধান কৰা প্ৰতিশ্ৰুতি দিছিল যদিও কিন্তু কোনো সঁহাৰি নাপালে চৰকাৰৰ পৰা"-অভিযোগ কাৰ্বি সংগঠন সমূহৰ যুটীয়া মুখ্য সমন্বয়ক মঙ্গল বে'ৰ। উল্লেখ যে কাৰ্বিসকলে ২০১৬ চনত কংগ্ৰেছক প্ৰত্যাখ্যান কৰি বিজেপি চৰকাৰক শাসনত বহুৱাইছিল দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰাৰ বাবে।কিন্তু বিগত পাঁচ বছৰে বিজেপিৰ পৰা কোনো সঁহাৰি নোপোৱাত আগন্তক নিৰ্বাচনত প্ৰত্যুত্তৰ দিব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে। ইফালে,প্ৰতিবাদৰ অন্তত দিছপুৰ আৰক্ষীৰ যোগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ তেওঁলোকৰ দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

Your Comments